অইল ইণ্ডিয়া লিমিটেডৰ ১৬২নং তৈলখাদত গেছ পৰিবাহী পাইপ বিস্ফোৰণ - Dibrugarh
🎬 Watch Now: Feature Video


Published : Feb 14, 2024, 8:06 PM IST
ডিব্ৰুগড়, 14 ফেব্ৰুৱাৰী: বুধবাৰে অইল ইণ্ডিয়া লিমিটেডৰ গেছ পৰিবাহী পাইপত বিস্ফোৰণ সংঘটিত হয় । তৈলখাদটোত শ্ৰমিকে কাম কৰি থকা সময়তে ভীষণ শব্দ কৰি বিস্ফোৰিত হয় পাইপ ।
বিস্ফোৰণত ঘটনাস্থলীতে এজন কৰ্মচাৰী নিহত হোৱাৰ লগতে পাঁচজনকৈ অইল কৰ্মচাৰী গুৰুত্বৰভাৱে আহত হয় । অইল ইণ্ডিয়া লিমিটেডৰ বৰুৱা তিনিআলিস্থিত NHK 162 নম্বৰ তেল খাদত সংঘটিত হৈছে এই ঘটনা ।
ঘটনাত নিহত হয় অইলৰ ঠিকাভিত্তিক শ্ৰমিক ৰবীন ওৰাং । বিস্ফোৰণত নিহত শ্ৰমিকগৰাকীৰ ঘৰ দুলীয়াজানৰ কাষৰীয়া দুই নং ৰঙাগড়াত বুলি জানিব পৰা গৈছে । আনহাতে এই বিস্ফোৰণত গুৰুতৰভাৱে আহত হয় অইল ইণ্ডিয়া লিমিটেডৰ কৰ্মচাৰী পৰশ দাস, শিৱ দত্ত, হীৰকজ্যোতি গন্ধীয়া আৰু প্ৰণালী দত্ত বৰগোহাঁই ।
বুধবাৰে আবেলি সংঘটিত হোৱা ঘটনাত আহতসকলক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় AMCHলৈ প্ৰেৰণ কৰা হৈছে । ইতিমধ্যে অইল কৰ্তৃপক্ষই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে ।
লগতে পঢ়ক: দুলীয়াজানৰ তৈলখাদত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা