লংকাত ৰে’ল বিভাগৰ উচ্ছেদ অভিযান - Railway land encroachment

By ETV Bharat Assamese Team

Published : Aug 4, 2024, 1:00 PM IST

thumbnail
লংকাত ৰে’ল বিভাগৰ উচ্ছেদ অভিযান (ETV Bharat)

হোজাই, 4 আগষ্ট : হোজাইত ৰে’ল বিভাগৰ উচ্ছেদ অভিযান । লংকা ৰে’ল ষ্টেচনৰ সন্মুখত থকা বিভিন্ন বিপণীবোৰত ৰে’ল বিভাগে চলাই এই উচ্ছেদ অভিযান । লংকা ৰে’ল ষ্টেচনৰ সন্মুখত থকা 47 খন বিপণীত ৰে’ল বিভাগে দেওবাৰে পুৱাৰে পৰা চলায় এই উচ্ছেদ । ইয়াৰ লগতে পৰৱৰ্তী সময়ত লংকাৰ 1 আৰু 2 নং ৰে’ল গেইটৰ সমীপত ৰে’লৰ মাটিত থকা সৰ্বমুঠ 53 খন বিপণীত ৰে’ল বিভাগে উচ্ছেদ চলাব বুলি বিভাগে জনায় ।

উল্লেখ্য যে, নিৰ্দেশনা দিয়াৰ পাচতো বিপণীসমূহ আঁতৰাই নিনিয়াত আজি ৰে’ল বিভাগে জেচিবি লৈ উচ্ছেদ চলায় । শান্তিপূর্ণভাৱে লংকা ৰে’ল ষ্টেচনৰ সমীপত ৰে’ল বিভাগৰ উচ্ছেদ চলি আছে যদিও উচ্ছেদিতই ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ৷ ৰে’ল বিভাগৰ মাটি লীজত লৈ স্থানীয় লোকসকলে ব্যৱসায়িক প্ৰতিষ্ঠানৰ জৰিয়তে দুবেলা-দুমুঠি মোকলাবলৈ সক্ষম হৈ আহিছিল যদিও এই কাৰ্যই উপাৰ্জন বন্ধ কৰি পেলালে বুলি ভুক্তভোগী লোকসকলে জনায় ৷ ভুক্তভোগীসকলে চৰকাৰক পুনৰ সংস্থাপন দিবৰ বাবে দাবী জনাইছে ।

লগতে পঢ়ক: ধুবুৰীৰ বিলাসীপাৰাত চলিল প্ৰশাসনৰ বুলড'জাৰ - Bilasipara eviction

চাহ শ্ৰমিকৰ মাটি কাঢ়ি গতাইছে বণিয়াক ! চাহ বাগিচাত বিজেপি বৰ্জনৰ হুংকাৰ - Proposed luxury hotels in Kaziranga

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.