লংকাত পৌৰসভাৰ উচ্ছেদ অভিযান - Eviction drive at Lanka

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 10:02 PM IST

thumbnail
হোজাইৰ লংকাত পৌৰসভাৰ উচ্ছেদ অভিযান (ETV Bharat Assam)

হোজাই, ১২ জুলাই: হোজাইত পুনৰ চলিল পৌৰসভাৰ উচ্ছেদ অভিযান । শুকুৰবাৰে হোজাইৰ লংকা নগৰত পৌৰসভাই চলাই এই উচ্ছেদ অভিযান । নগৰখনৰ তিনি স্থানত উচ্ছেদ অভিযান চলাই অভিযানকাৰী দলটোৱে । লংকা-শ্বিলং ৰোডৰ অভাৰব্ৰীজৰ শেষ প্ৰান্তৰ পৰা পাঞ্জাৱ নেচনেল বেংকলৈকে, ভাতৃ সংঘৰ সন্মুখৰ নলা এলেকাত আৰু নগাঁও-লংকা পথৰ নিৰ্মিয়মাণ অৱস্থাত থকা অভাৰব্ৰীজৰ কাষত চলে এই উচ্ছেদ ।  

বিশেষকৈ, পদপথ, নলাৰ ওপৰত আৰু গড়কাপ্তানী পথ অধিগ্ৰহণ কৰি ব্যৱসায় কৰি থকা ব্যৱসায়ীসকলৰ দোকান-পোহাৰ বুলডজাৰেৰে ভাঙি মুকলি কৰা হয় । আনহাতে, ধাৰাবাহিকভাৱে এই উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি মন্তব্য কৰে লংকা পৌৰসভাৰ কাৰ্যবাহী বিষয়া অভিনাভ দত্তই । জিলা আয়ুক্তৰ নিৰ্দেশমৰ্মে এই উচ্ছেদ অভিযান চলোৱা হয় বুলি উল্লেখ কৰে বিষয়াগৰাকীয়ে ।

লগতে পঢ়ক: তেজপুৰত অবৈধ নিৰ্মাণত প্ৰশাসনে চলালে বুলড'জাৰ - Eviction at Tezpur

জাননী নিদিয়াকৈ উচ্ছেদ অভিযান চলোৱাক লৈ উত্তাল মৰিগাঁও - Eviction Drive

নলা বন্ধ কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল পৌৰ নিগমৰ বিষয়া - Guwahati Municiapal Corporation

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.