বন বিভাগক খবৰ নিদিয়াকৈ হাতীৰ মৃতদেহ পুতি থ'লে শোধনাগাৰ কৰ্তৃপক্ষই - Wild elephant death in Golaghat

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 9:37 PM IST

thumbnail
বনৰীয়া হাতীৰ বিদ্যুৎ বিদ্যুতস্পৃষ্ট হৈ মৃত্যু (ETV Bharat Assam)

গোলাঘাট, ১৯ জুলাই: গোলাঘাট জিলাৰ নুমলীগড় শোধনাগাৰ নগৰাঞ্চলত বৃহস্পতিবাৰে এটা বনৰীয়া হাতীৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় । কিন্তু শোধনাগাৰ কৰ্তৃপক্ষই বন বিভাগক খবৰ নিদিয়াকৈ গোপনে ৰহস্যজনকভাৱে পুতি থয় হাতীটো । এই সমগ্ৰ ঘটনাৰ বিষয়ে জানিব পাৰি শুকুৰবাৰে ঘটনাস্থলীত গোলাঘাট বন সংমণ্ডলৰ এটা দল উপস্থিত হৈ পুতি থোৱা হাতীটোৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

মৃত্যু হোৱা হাতীটো ৰহস্যজনকভাৱে নুমলীগড় শোধনাগাৰ নগৰাঞ্চলৰ একাংশ বিষয়াই বন বিভাগ আৰু নুমলীগড় শোধনাগাৰৰ উৰ্ধতম কৰ্তৃপক্ষৰ পৰা গোপনে ৰাখি পুতি থৈছিল । আজি এই সন্দৰ্ভত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পিন্টু গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে নুমলীগড় শোধনাগাৰ নগৰাঞ্চলৰ উচ্চপদস্থ বিষয়া উজ্বলনয়ন সন্দিকৈৰ নিৰ্দেশত মৃত্যু হোৱা হাতীটো বিভাগীয় কৰ্তৃপক্ষক অৱগত নকৰাকৈ পুতি থৈছিল । এই সমগ্ৰ ঘটনাই বন্যপ্ৰাণী আইন সম্পূৰ্ণৰূপে অমান্য কৰিছে । এই সমগ্ৰ ঘটনাৰ লগত জড়িতসকলৰ বিৰুদ্ধে উচিত তদন্ত কৰি শাস্তি প্ৰদানৰ দাবী জনাইছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ।

লগতে পঢ়ক:তিনিচুকীয়াৰ ব্ৰহ্মজানত বনৰীয়া হাতীৰ ৰহস্যজনক মৃত্যু - Wild Elephant Death

হাতী-মানুহৰ সংঘাতত কিমান হাতী আৰু কিমান মানুহে হেৰুৱাইছে প্ৰাণ ? - MAN ELEPHANT CONFLICT

গোলাঘাটত দুৰ্বৃত্তৰ আক্ৰমণত গুলীবিদ্ধ বন্যহস্তীৰ মৃত্যু - Wild elephant death in Golaghat

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.