পুনৰ মহানগৰীৰ পৰা নিৰুদ্দেশ এগৰাকী ব্যক্তি - Missing Case in Assam
🎬 Watch Now: Feature Video


Published : Feb 17, 2024, 2:01 PM IST
গুৱাহাটী,১৭ ফেব্ৰুৱাৰী: মহানগৰীত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা । তিনিগৰাকীকৈ ছাত্ৰী নিৰুদ্দেশ হোৱা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই এইবাৰ পোহৰলৈ আহিছে এগৰাকী ব্যক্তি নিৰুদ্দেশ হোৱাৰ খবৰ । বজাৰ কৰিবলৈ গৈ নিৰুদ্দেশ দিবাকৰ নাথ নামৰ লোকজন । ৫৮ বছৰীয়া ব্যক্তি গৰাকী ১৪ ফেব্ৰুৱাৰীত দিনৰ ভাগত পত্নীৰ সৈতে বজাৰ কৰিবলৈ আহিছিল গণেশগুৰিলৈ । পত্নীয়ে ধন উলিয়াবলৈ ATM ত সোমোৱাৰ পিছৰে পৰাই নিৰুদ্দেশ পৰে ব্যক্তিগৰাকী ।
মহানগৰীৰ হেঙৰাবাৰীৰ সৰুমটৰীয়াত বাস কৰা ব্যক্তিগৰাকী বুধবাৰে পুৱা প্ৰায় ১০ বজাৰ পৰাই নিৰুদ্দেশ হৈ আছে বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে । পৰিয়ালৰ লোকে ইতিমধ্যে কাষ চাপিছে দিছপুৰ আৰক্ষীৰ । যদিহে কোনো সদাশয় লোকে দিবাকৰ নাথৰ সন্ধান পায় তেন্তে 9706690194 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনায় পৰিয়ালৰ লোকে ।
লগতে পঢ়ক: নাৰী দেহ ব্যৱসায়ী চক্ৰক বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল দিব্যাংগ মাধৱ দাসে