একাধিক দাবীৰে বৰপেটাত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী - DYFI protest in Barpeta

By ETV Bharat Assamese Team

Published : Sep 10, 2024, 5:08 PM IST

thumbnail
একাধিক দাবীৰে বৰপেটাত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী (ETV Bharat Assam)

বৰপেটা, ১০ ছেপ্টেম্বৰ : ভাৰতৰ গণতান্ত্রিক যুৱ ফেডাৰেচন চমুকৈ ডি ৱাই এফ আইৰ বৰপেটা জিলা কমিটীৰ বৰপেটাত প্ৰতিবাদী কাৰ্যসূচী ৷ নিযুক্তিৰ বিভিন্ন প্ৰসংগ, স্মাৰ্ট মিটাৰ বন্ধ কৰা, মহিলা আৰু ছাত্ৰীৰ নিৰ্যাতনৰ লগতে মদ, জুৱা আৰু ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ ডি ৱাই এফ আইৰ ৷

প্ৰতিবাদকাৰীসকলে বৰপেটাৰ চি পি আই এমৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা বৰপেটা চহৰৰ মাজেৰে আয়ুক্তৰ কাৰ্যালয়লৈ প্ৰতিবাদী সমদল উলিয়ায় ৷ প্ৰতিবাদকাৰীসকলে এ ডি আৰৰ যোগেদি হ'বলগীয়া নিযুক্তি প্রক্রিয়া স্বচ্ছ আৰু নিকা কৰিবলৈ প্ৰাপ্ত নম্বৰ, কাট অব মার্কসহ ফলাফল প্রকাশৰ ব্যৱস্থা কৰা, কৃষিৰ উন্নয়ন আৰু ঔদ্যোগীকৰণৰ জৰিয়তে নতুন সংস্থাপনৰ পথ মুকলি কৰাৰ দাবী জনায় ।

লগতে ঠিকাভিত্তিক শিক্ষকৰ চাকৰি বেতন সুৰক্ষাসহ নিয়মীয়া কৰা, কম্পিউটাৰ শিক্ষকৰ চাকৰি নিয়মীয়া কৰা, বি টি আৰসহ সকলো ভেন্সাৰ শিক্ষানুষ্ঠান প্রাদেশিকীকৰণ কৰা, টিউটৰসকলক শিক্ষকৰ মর্যাদা দিয়া, স্বাস্থ্য সেৱা, বিদ্যুৎ, পৌৰসভা, পঞ্চায়তকে ধৰি সকলো ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰা, শিক্ষা বিভাগৰ বিজ্ঞাপন প্রকাশ কৰা আৰু ইতিমধ্যে আবেদন কৰা সকলো পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা, ব্যক্তিগত খণ্ডত কাম কৰা প্ৰতিজন কৰ্মচাৰীৰ কামৰ নিৰাপত্তা আৰু ন্যূনতম বেতন নিশ্চিত কৰা, বহিঃৰাজ্যলৈ কৰ্মৰ সন্ধানত যোৱা প্ৰতিজন লোকৰ পঞ্জীয়নৰ ব্যৱস্থা কৰা আৰু মূল্যবৃদ্ধি ৰোধ কৰা আৰু স্মার্ট মিটাৰ ব্যৱস্থা বাতিল কৰি বিদ্যুতৰ মাচুল হ্রাস কৰাৰ দাবীত বৰপেটাৰ আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্রীলৈ এখন স্মাৰক-পত্র প্ৰেৰণ কৰে ৷

লগতে পঢ়ক :ব্যৱসায়িক প্ৰতিষ্ঠানক এসপ্তাহৰ সময় ধৰি দি গুৰুত্বপূৰ্ণ নিৰ্দেশ ডিব্ৰুগড় পৌৰ নিগমৰ - Dibrugarh Municipal Corporation
লগতে পঢ়ক :কিয় পদত্যাগ কৰিলে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতিয়ে ? - Cotton University

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.