উদ্ধাৰ অভিযানৰ মাজতে শদিয়াত ডুব গ’ল SDRFৰ জোৱান - Drowning incident Sadiya
Published : Jul 25, 2024, 3:25 PM IST
তিনিচুকীয়া, ২৫ জুলাই : তিনিচুকীয়া জিলাৰ শদিয়াৰ কুণ্ডিল নদীৰ বুকুত বৃহস্পতিবাৰে পুনৰ এক অঘটন সংঘটিত হয় ৷ ঘটনা অনুসৰি বুধবাৰে বিয়লি শদিয়াৰ পাগলাম গাঁৱৰ চাৰিজন ছাত্ৰ কুণ্ডিল নদীত ডুব গৈ নিখোজ হয় ৷ তাৰ পিচতে দুজনৰ মৃতদেহ বুধবাৰে সন্ধিয়া উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে আন দুজনৰ সন্ধানত বৃহস্পতিবাৰে পুৱাৰ পৰা পুনৰ SDRFএ উদ্ধাৰ অভিযান চলাইছিল ৷
উক্ত উদ্ধাৰ অভিযানত ব্যস্ত হৈ থকা SDRF ৰ দুজন জোৱানে ব্যৱহাৰ কৰা নাওখনৰ যান্ত্ৰিক বিজুতিৰ ফলত কুণ্ডিল নদীৰ বুকুত হঠাৎ ডুব যায় ৷ কিন্তু পৰৱৰ্তী সময়ত সতীৰ্থ SDRF জোৱানৰ তৎপৰতাত দুয়োজনকে জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰে কুশল হাজৰিকা নামৰ জোৱানজনক সংকটজনক অৱস্থাত শদিয়া মহকুমা অসামৰিক চিকিৎসালয়ত ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় ৷
লগতে পঢ়ক : কুণ্ডিল নদীত গা ধুবলৈ নামোতেই উটি গ'ল চাৰি ছাত্ৰ : দুজনৰ মৃতদেহ উদ্ধাৰ