দুলীয়াজানত ৩৬ ঘণ্টীয়া অনশন বহিল অইল ভিডিপি চিকিউৰিটি - Duliajan Oil VDP security
🎬 Watch Now: Feature Video


Published : Feb 23, 2024, 9:05 AM IST
ডিব্ৰুগড়, ২৩ ফেব্ৰুৱাৰী : অইল ইণ্ডিয়া উত্তৰ-পূৰ্বাঞ্চলৰ অতি লাভজনক উদ্যোগ । দেশৰ অৰ্থনীতি সৱলীকৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে অইল ইণ্ডিয়াই । কিন্তু এই অতি লাভজনক উদ্যোগৰ লগত জড়িত কৰ্মীসকলে নিজৰ অধিকাৰৰ বাবে সময়ে সময়ে কৰিবলগীয়া হয় আন্দোলন প্ৰতিবাদ ।
বৃহস্পতিবাৰে দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ সন্মুখত এইবাৰ প্ৰতিবাদত বহিল ভিডিপি সুৰক্ষা কৰ্মীসকল । বৃহস্পতিবাৰৰ পৰা ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ অইল ভিডিপি সুৰক্ষা কৰ্মীয়ে গ্ৰহণ কৰে ৩৬ ঘণ্টীয়া অনশন কাৰ্যসূচী ।
অইল ইণ্ডিয়া লিমিটেড আৰু অসম গেছ কোম্পানী লিমিটেডৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত গাঁওৰক্ষী বাহিনীয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ । অইল ইণ্ডিয়া লিমিটেড আৰু অসম গেছ কোম্পানী লিমিটেডৰ সুৰক্ষা কাৰ্যত ২৪ ঘণ্টাই কৰ্তব্য পালন কৰি অহা সুৰক্ষা কৰ্মীসকলক ভিডিপিৰ নামত দীৰ্ঘ দিনৰ পৰা দৈনিক মাত্ৰ ১০০ টকা প্ৰদান কৰি প্ৰৱঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে ৷
লগতে অইল ইণ্ডিয়া লিমিটেড আৰু অসম গেছ কোম্পানী লিমিটেডে শ্ৰমিকসকলক উচিত প্ৰাপ্যৰ পৰাও বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীয়ে ৷ সেয়ে ন্যায্য প্ৰাপ্তিৰ দাবীত ভিডিপি সুৰক্ষা কৰ্মীসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷
লগতে পঢ়ক : পদুমৰ সলনি বুলড’জাৰ প্ৰতীক হওঁক বিজেপিৰ: গৌৰৱ গগৈ