প্ৰায় তিনি কোটি টকাৰ ড্ৰাগছসহ তিনি সৰবৰাহকাৰী আৰক্ষীৰ জালত - Operation against drugs

By ETV Bharat Assamese Team

Published : Jul 23, 2024, 7:50 AM IST

thumbnail
ড্ৰাগছৰ ক’লা বেহা (ETV Bharat Assam)

সৰুপথাৰ, 23 জুলাই : ৰাজ্যত অব্যাহত আছে বৰবিহ স্বৰূপ ড্ৰাগছৰ বেহা ৷ ৰাজ্যৰ পৰা এই অবৈধ বেপাৰ একেবাৰে উৎখাত কৰাৰ বাবে সদা সষ্টম হৈ আছে আৰক্ষী তথা প্ৰশাসন ৷ ইয়াৰ মাজতে সোমবাৰে সৰুপথাৰ অঞ্চলৰ নাওজান চি.ডি.এইছ তিনিআলিত ড্ৰাগছসহ তিনি যুৱকক আটক কৰে আৰক্ষীয়ে । জানিব পৰা মতে, AS23N 7587 নম্বৰৰ এখন চাৰিচকীয়া বাহনত মণিপুৰৰ আনি আছিল ড্ৰাগছখিনি ।

বিৱৰণি অনুসৰি, এক গোপন খবৰৰ তথ্য ভিত্তিত গোলাঘাট জিলাৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত আৰু ধনশিৰি মহকুমাৰ মহকুমা আৰক্ষী বিষয়া দ্বিপেন পাটিৰৰ সহযোগত চলোৱা হয় এক অভিযান ৷ এই অভিযানতে আৰক্ষীৰ দলটোৱে তিনি ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে মেৰাপানী অঞ্চলৰ নগেন বৰা আৰু তিনিচুকীয়াৰ ৰাজকুমাৰ ছেত্ৰী আৰু দেৱৰাজ ছেত্ৰীক আটক কৰে ।

ধৃত তিনি যুৱকৰ পৰা মুঠ 60 টা চাবোনৰ বাকচত অনা 711 গ্ৰাম হেৰইন জব্দ কৰে । যাৰ আনুমানিক মূল্য প্ৰায় তিনিৰ পৰা চাৰি কোটি টকা । জব্দকৃত বাহনখনৰ ফুট ষ্টেপৰ গোপন চেম্বাৰৰ পৰা উদ্ধাৰ কৰা হয় এই ড্ৰাগছখিনি । উল্লেখ্য যে, কিছু দিন পূৰ্বে উৰিয়ামঘাটৰ পৰা 15 কোটিৰ ড্ৰাগছ জব্দ কৰিছিল আৰক্ষীয়ে । আজি পুনৰ প্ৰায় ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে ।

লগতে পঢ়ক : 38 টা হেৰ’ইন ভৰ্তি কণ্টেইনাৰসহ এজনক গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ

প্ৰথমে মৃত যুৱকক পৰিয়ালৰ অজ্ঞাতে কৰিলে সৎকাৰ, তাৰ পিচত আত্মহত্যা : নামৰূপত ভয়ংকৰ কাণ্ড - Consequences of drug addiction

1 কোটি 40 লাখ টকাৰ ড্ৰাগছসহ আৰক্ষীৰ জালত মহিলা - DRUGS SEIZED

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.