thumbnail

ড্ৰাগছসহ টেঙাখাত আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী টিটু বৰুৱা

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 1:47 PM IST

মৰাণ, 20 ফেব্ৰুৱাৰী: ডিব্ৰুগড় আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই থকাৰ পাছতো জিলাখনত বন্ধ হোৱা নাই ড্ৰাগছৰ সৰবৰাহ । জিলাখনত ড্ৰাগছ বিৰোধী অভিযান চলায় টেঙাখাত আৰক্ষীয়ে লাভ কৰে বিশেষ সফলতা । টেঙাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋতুৰাজ দাসৰ নেতৃত্বত এটা আৰক্ষীৰ দলে সোমবাৰৰ নিশা আটক কৰিলে ড্রাগছ সৰবৰাহকাৰীক ।

প্ৰায় 13.10 গ্রাম ড্রাগছসহ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় নাহৰকটীয়া গজপুৰীয়াৰ টিটু বৰুৱা । দীৰ্ঘদিন ধৰি ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ সৰবৰাহ কৰি আহিছিল বুলি অভিযোগ আছে টিটুৰ বিৰুদ্ধে । আৰক্ষী সূত্ৰই জানিবলৈ দিয়া অনুসৰি এক গোপন সূত্ৰৰ পম খেদি টেঙাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋতুৰাজ দাসৰ নেতৃত্বত এটা আৰক্ষীৰ দলে অভিযান চলাই টিংৰাই চাৰিআলিৰ ৰজাআলিত নাহৰকটীয়াৰ গজপুৰীয়াৰ দিলীপ বৰুৱাৰ পুত্ৰ টিটু বৰুৱাক ড্রাগছ সহ আটক কৰিবলৈ সক্ষম হয় । 

আৰক্ষীয়ে ড্ৰাগছৰ লগতে এখন মটৰ চাইকেলো জব্দ কৰিছে ।

লগতে পঢ়ক: দুলীয়াজানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ ছয় সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.