ডিমা হাছাওত ধাৰাসাৰ বৰষুণ : যোগাযোগ ব্যাহত - Assam Floods 2024

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 5:29 PM IST

thumbnail
ডিমা হাছাওত ধাৰাসাৰ বৰষুণ;যোগাযোগ ব্যাহত (ETV Bharat)

হাফলং,১ জুলাই : বিগত কেইবাদিনো ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ হোৱা দেখা গৈছে । কোনো কোনো জিলাত বানে ভয়ংকৰ ৰূপ লৈছে । ডিমা হাছাও জিলাত ধাৰাসাৰ বৰষুণৰ ফলত অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে । নেৰানেপেৰা বৰষুণৰ ফলত লামডিং-শিলচৰ ৰে'লপথ আৰু হাফলং-শিলচৰ সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যোগাযোগ ব্যাহত হৈ পৰিছে । ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগা আৰু হাৰেংগাজাওৰ মাজত কেইবাটাও স্থানত বাঢ়নী পানীয়ে পথ উটুৱাই লৈ যোৱাৰ ফলত যান-বাহনৰ চলাচল বন্ধ হৈ পৰে ।

আনহাতে লামডিং-শিলচৰ পাহাৰ লাইনৰ জাতিংগা লামপুৰ আৰু হাৰেংগাজাও মাজত ধাৰাসাৰ বৰষুণৰ ফলত পাহাৰৰ পৰা নামি অহা পানী আৰু বোকাৰে ভৰি পৰিছে ৰে'লপথ । যাৰ বাবে দীৰ্ঘ সময় ধৰি শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ ৰে'লখন নিউ হাৰেংগাজাও ষ্টেচনত আৱদ্ধ হৈ থাকে । একেদৰে শিয়ালদহ-আগৰতলা কাঞ্চনজঙ্ঘা এক্সপ্ৰেছ ৰে'লখন নিউ হাফলং ষ্টেচনত আৱদ্ধ হৈ থাকে । অৱশেষত ৰে'ল কৰ্মচাৰীসকলৰ যুদ্ধকালীন প্ৰচেষ্টাৰ অন্তত দিনৰ প্ৰায় ৩ মান বজাত ৰে'লপথটো মুকলি কৰা হয় আৰু আৱদ্ধ ৰে'লসমূহে গন্তব্য স্থানলৈ ৰাওনা হয় ।

লগতে পঢ়ক :বানৰ কবলত অসমৰ কেইবাখনো ৰাষ্ট্ৰীয় উদ্যান : বানবিধ্বস্ত মানাহত উটি গ’ল শিবিৰ - ASSAM FLOOD 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.