দুলীয়াজানত অইল ইণ্ডিয়াৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ প্ৰতিবাদ - AASU Protest against Oil
🎬 Watch Now: Feature Video


Published : Mar 20, 2024, 1:54 PM IST
ডিব্ৰুগড়, ২০ মাৰ্চ: ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই বুধবাৰে অইলৰ বিৰুদ্ধে সৰ্বাত্মক বন্ধ ঘোষণা কৰি উত্তাল প্ৰতিবাদ সাব্য়স্ত কৰে । জিলা দুখনত অইল ইণ্ডিয়া লিমিটেডে সামগ্ৰীক উন্নয়নত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰি দুয়োখন জিলাৰ ছাত্ৰ সন্থাই আজি এই সৰ্বাত্মক অইল বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰে । পুৱাই দুলীয়াজানৰ অইলৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ লগতে অইলৰ মুখ্য ঔদ্যোগিক ক্ষেত্ৰ বন্ধ কৰি দিয়ে ছাত্ৰ সন্থাৰ নেতৃত্বই । যাৰ ফলত অইল ইণ্ডিয়াৰ খনন আৰু উৎপাদনত ব্যাপক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে ।
ইফালে আছুৰ প্ৰতিবাদত স্তব্ধ হৈ পৰে দুলীয়াজানৰ অইল ইণ্ডিয়া মুখ্য কাৰ্যালয়ৰ কাম-কাজ । ইতিমধ্যে অইল ইণ্ডিয়া কৰ্তৃপক্ষই প্ৰতিবাদ নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষী আৰু অইল নিৰাপত্তাৰক্ষী মোতায়েন কৰিছে ৷ উল্লেখ্য যে, অসমৰ তৈল সম্পদ খনন আৰু উৎপাদন কৰি দেশৰ ভিতৰতে এটা আগশাৰীৰ উদ্যোগ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে অইল ইণ্ডিয়া লিমিটেডে । কিন্তু অসমৰ সম্পদ লৈ প্ৰতিষ্ঠা হোৱা অইলে সাধাৰণ ৰাইজৰ উন্নয়নত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ দীৰ্ঘদিনৰ পৰা উত্থাপিত হৈ আহিছে । ইয়াৰ পাচতে দুলীয়াজানত অইল ইণ্ডিয়াৰ বিৰুদ্ধে আজি ছাত্ৰ সন্থাই এই প্ৰতিবাদ সাব্যস্ত কৰে ।
লগতে পঢ়ক: দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য প্রশাসনিক কার্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ