৭৮ সংখ্যক স্বাধীনতা দিৱসৰ বাবে ধেমাজিত আৰক্ষীৰ তালাচী - INDEPENDENCE DAY 2024

By ETV Bharat Assamese Team

Published : Aug 14, 2024, 7:02 AM IST

thumbnail
৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি (ETV Bharat Assam)

ধেমাজি, ১৪ আগষ্ট: ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে দেশজুৰি চলিছে ব্যাপক প্ৰস্তুতি । দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমৰ ধেমাজিতো এই দিৱসৰ বাবে প্ৰশাসনে প্ৰস্তুতি চলাইছে । স্বাধীনতা দিৱসক লৈ ব্যাপক তৎপৰতা অৱলম্বন কৰিছে ধেমাজি আৰক্ষীয়ে ৷ ধেমাজিৰ নগৰৰ চাৰিআলি, তেলিজান তিনিআলি আদিত দিনে-নিশাই বিভিন্ন যান-বাহনত তালাচী চলাইছে  ৷  

স্বাধীনতা দিৱসত যাতে দুস্কৃতিকাৰীয়ে কোনো ধৰণৰ কূটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে, তাৰ বাবে নগৰৰ লগতে উপকণ্ঠৰ পৰা নগৰলৈ যোৱা প্ৰতিটো পথ, উপ-পথত চোকা নজৰ দিছে আৰক্ষীয়ে ৷ নাকা চেকিঙেৰে সষ্টম হৈ থকা আৰক্ষীয়ে জনসাধাৰণৰ পৰা সহযোগ বিচাৰি সুন্দৰভাৱে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ ধেমাজিবাসীক আহ্বান জনাইছে ৷ ধেমাজি জিলা প্ৰশাসনৰ কটকটীয়া নিৰাপত্তাৰ মাজত কাছাৰী ময়দানত চলিছে স্বাধীনতা দিৱসৰ প্ৰস্তুতি ৷ ইতিমধ্যে কাছাৰী ময়দানখন পৰিস্কাৰ-পৰিচ্ছন্ন কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে ৷

লগতে পঢ়ক:সমাগত স্বাধীনতা দিৱস উদযাপনৰ বাবে ধেমাজিত ব্যাপক প্ৰস্তুতি - INDEPENDENCE DAY 2024

নগাঁৱত বিধায়ক ৰূপক শৰ্মাৰ নেতৃত্বত হৰ ঘৰ ত্রিৰংগা অভিযান - INDEPENDENCE DAY 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.