মা-কামাখ্যাৰ আশিস বিচাৰি নীলাচলৰ বুকুত ভক্তৰ ভিৰ; শংখ-ঘন্টাধ্বনিৰে মুখৰিত চৌপাশ - Ambubachi Mela 2024

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 10:34 PM IST

thumbnail
মা-কামাখ্যাৰ আশিস বিচাৰি নীলাচলৰ বুকুত ভক্তৰ ভিৰ (ETV Bharat Assam)

গুৱাহাটী, 23 জুন: ভক্তিৰসত বুৰ গৈছে মা কামাখ্যা ধাম । ঢাক-ঢোল, শংখ-ঘন্টাধ্বনিৰে মুখৰিত নীলাচলৰ বুকু । আগমন ঘটিছে অগণন দেশী-বিদেশী ভক্তৰ । উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে নীলাচলৰ বুকুত । নীলাচল পাহাৰৰ বুকুত চাৰিটা স্থানত বাহৰ পাতি সাধু-সন্তসকলে চলাই হৈছে নিজৰ তপস্যা । সাধু-সন্তসকলৰ আশিস ল’বলৈও ভিৰ কৰিছে বহু ভক্তই । দেশৰ ৫১খন দেৱীপীঠৰ অন্যতম হৈছে মা কামাখ্যাধাম । 

লগতে পঢ়ক: কামাখ্যাত অম্বুবাচী মেলা : নীলাচল পাহাৰত বিভিন্ন ৰাজ্যৰ সাধু-সন্ন্যাসী - Ambubachi Mela 2024

আদ্য নক্ষত্ৰ মিথুন ৰাশিত সংযুক্ত  হোৱাৰ লগে লগে দেৱী মা কামাখ্যা ৰজঃস্বলা হোৱা বুলি এক প্ৰবাদ আছে । পৰম্পৰা অনুসৰি এই সময়ছোৱাত কোনো ধৰণৰ পূজা-অৰ্চনা আদি কৰাৰ পৰা বিৰত থকা হয় । সেয়ে অম্বুবাচীৰ প্ৰবৃত্তি ঘটাৰ পৰা নিবৃত্তিলৈকে কামাখ্যা মন্দিৰৰ মূলদ্বাৰ বন্ধ ৰখা হয় আৰু চাৰিদিনৰ দিনা নিত্য পূজাৰ পাচত মন্দিৰৰ মূলদ্বাৰ ভক্তসকলৰ বাবে খুলি দিয়া হয় ।

লগতে পঢ়ক: মা কামাখ্যাৰ আশীষ ল’বলৈ ভক্তৰ ভিৰ - Ambubachi Mela 2024

উল্লেখ্য যে, ২২ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হৈছে অম্বুবাচী মেলা । ২২ জুনৰ পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত ঘটিছে অম্বুবাচীৰ প্ৰবৃত্তি । অম্বুবাচী প্ৰবৃত্তিৰ পাচত অৰ্থাৎ ২২ জুনৰ পৰা ২৬ জুনলৈ বন্ধ থাকিব মন্দিৰৰ মূল দুৱাৰ । ২৬ জুনৰ পুৱা দেৱীৰ নিত্য পূজাৰ পাচত ভক্তগণৰ বাবে পুনৰ খুলি দিয়া হ'ব মন্দিৰৰ মূল দুৱাৰ । 

লগতে পঢ়ক: বহু প্ৰতিক্ষিত অম্বুবাচী মেলাৰ আনুষ্ঠানিক উদ্বোধন - Ambubachi Mela 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.