নুমলীগড় চাহ বাগিচাত মৃত নাহৰফুটুকী উদ্ধাৰ - Leopard Body Found In Golaghat - LEOPARD BODY FOUND IN GOLAGHAT

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Mar 29, 2024, 10:23 PM IST

গোলাঘাট,২৯ মাৰ্চ: কিছুদিনৰ পুৰ্বে নুমলীগড় চাহ বাগিচাত এটা মৃত নাহৰফুটুকী বাঘ উদ্ধাৰ হোৱাৰ পাচত পুনৰ এটা মৃত অৱস্থাত নাহৰফুটুকী বাঘ উদ্ধাৰ হয় নুমলীগড় অঞ্চলত । এইবাৰ গোলাঘাট জিলাৰ নুমলীগড়ৰ কালিয়নী চাহ বাগিচাত উদ্ধাৰ হয় এটা মৃত নাহৰফুটুকী বাঘ । স্থানীয় ৰাইজে মৃত নাহৰফুটুকী বাঘ প্ৰত্যক্ষ কৰি সমীপৰ বকিয়াল বন বিভাগক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ মৃত নাহৰফুটুকী বাঘটো উদ্ধাৰ কৰি মৰোনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে । ইফালে স্থানীয় লোকে জনোৱা অনুসৰি নিশা বাঘৰ গোজৰনিৰ শব্দ শুনিবলৈ পাইছিল । যাৰ ফলত দুটা বাঘৰ মাজত যুঁজ লগা বুলি সন্দেহ প্ৰকাশ কৰে ৰাইজে ।  

দুই বাঘৰ সংঘাতৰ ফলতে এটা বাঘে এনে কৰুণ মৃত্যুক সাৱটিলে বুলি স্থানীয় ৰাইজে সন্দেহ কৰিছে । আনফালে বছৰ বছৰ দিন ধৰি বগীধলা চাহ বাগিচাখন মালিক পক্ষই বন্ধ কৰি ৰখাৰ ফলত অঞ্চলটোত বন্যহস্তীৰ লগতে নাহৰফুটুকী বাঘৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে বুলি অভিযোগ উত্থাপন কৰে । যাৰ ফলত এতিয়া বন্যহস্তীৰ সন্ত্ৰাসৰ লগতে দেখা দিছে বাঘৰ সন্ত্ৰাসে । প্ৰতি নিশা অঞ্চলটোৰ বিভিন্ন লোকৰ চোতালত প্ৰৱেশ কৰি গঁৰালৰ পৰা হাঁহ, কুকুৰা, ছাগলী আদি পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰি আহিছে যদিও এই সকলোবোৰ দেখিও চকু মুদা কুলিৰ ভাৱত বিয়াগোম বন বিভাগ । 

লগতে পঢ়ক: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিৰল প্ৰজাতিৰ ভালুক, চিৰন্তনু শইকীয়াৰ লেঞ্চত ধৰা পৰিল বিশেষ ফটো - Kaziranga National Park

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.