আৰক্ষীৰ গুলীত নিহত দুর্ধর্ষ ডকাইত - Police Encounter - POLICE ENCOUNTER
🎬 Watch Now: Feature Video


Published : May 27, 2024, 3:24 PM IST
হাইলাকান্দি, ২৭ মে': হাইলাকান্দিৰ কালীবাৰীত সোমবাৰে আৰক্ষীৰ গুলীত নিহত হয় এটা দুর্ধর্ষ ডকাইত । এই দুর্ধর্ষ ডকাইতটোৱে পলায়ন কৰিবলৈ চেষ্টা চলাওতেই আৰক্ষীয়ে গুলীচালনা কৰে । নিহত ডকাইতটো আফজল হুছেইন ওৰফে লাল বুলি চিনাক্ত কৰা হৈছে । ঘটনাৰ বিৱৰণি মতে,কাছাৰ আৰক্ষীৰ এটা দলে হাইলাকান্দিলৈ আহিছিল ডকাইত আফজল হুছেইন ওৰফে লাল কৰায়ত্ত কৰিবলৈ । এখন বাহনত আফজাল হুছেইন নামৰ ডকাইতটো আহি থকাৰ বিষয়ে জানিব পাৰি আৰক্ষীয়ে অভিযান চলায় । আৰক্ষীয়ে ডকাইতটোক কৰায়ত্ত কৰিবলৈ ধৰাৰ সময়তেই পলায়নৰ চেষ্টা চলায় ।
আৰক্ষীয়ে আফজল হুছেইন ওৰফে লালক কৰায়ত্ত কৰিবলৈ পিচে পিচে খেদি যায় । আৰক্ষীয়ে আফজললৈ লক্ষ্য় কৰি গুলীচালনা কৰাত ডকাইতটোৰ মূৰত গুলীয়ে আঘাত কৰে । পিচত ডকাইতটোক আহত অৱস্থাত হাইলাকান্দি অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও তাতেই আফজল হুছেইনৰ মৃত্য়ু হয় ।