সুন্দৰবন নগৰ হত্যাকাণ্ডৰ ক্ৰাইম চিন ৰিক্ৰিয়েচন আৰক্ষীৰ - Sensational Murder In Guwahati - SENSATIONAL MURDER IN GUWAHATI

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 10:50 PM IST

গুৱাহাটী, 19 জুলাই : গুৱাহাটীৰ হাতীগাঁৱৰ সুন্দৰবন নগৰ হত্যাকাণ্ডৰ আজি 'ক্ৰাইম চিন ৰিক্ৰিয়েচন' কৰে আৰক্ষীয়ে ৷ চৈয়দ আলিক কেনেকৈ হত্যা কৰিছিল সেয়া আৰক্ষী আৰু দণ্ডাধীশৰ সন্মুখত হুবহু দেখুৱালে চাৰি হত্যাকাৰীয়ে ৷ ইয়াৰ পিচতে হত্যাকাৰীক ফাঁচীৰ দাবীত উত্তাল হৈ পৰে হাতীগাঁৱৰ সুন্দৰবন নগৰ ৷  

হাতীগাঁও হত্যাকাণ্ডৰ লগত জড়িত চাৰি হত্যাকাৰী ক্ৰমে নজৰুল হক, মুজামিল হক, ফাইজুৰ আলি আৰু ৰাহুল আমিনক শুকুৰবাৰে হাতীগাঁও আৰক্ষীয়ে হত্যাকাণ্ড সংঘটিত কৰা স্থানলৈ লৈ যায় ৷ চাৰি হত্যাকাৰীক পোনে পোন লৈ যোৱা হয় হত্যাকাণ্ড সংঘটিত হোৱা কোঠাটোলৈ ৷ 13 জুলাই তাৰিখে কোঠাটোত কি হৈছিল, কেনেকৈ কিহৰ বাবে চৈয়দ আলীক হত্যা কৰিছিল, সেই সকলো আৰক্ষী আৰু দণ্ডাধীশৰ সন্মুখত হুবহু দেখুৱাই চাৰি হত্যাকাৰীয়ে ৷

উল্লেখ্য যে 13 এপ্ৰিল শুকুৰবাৰে নিশা মহানগৰীৰ হাতীগাঁৱত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ হাতীগাঁৱৰ সুন্দৰবন নগৰত চৈয়দ আলী নামৰ এজন লোকক সম্পৰ্কীয় ভতিজাক ৰাহুল আলিৰ সহযোগত তিনি হত্যাকাৰীয়ে 95 হাজাৰ টকাৰ বাবে হত্যা কৰিছিল ৷ তদন্তত সম্পৰ্কীয় ভতিজাক ৰাহুল আলিৰ স্বীকাৰোক্তিৰ ভিত্তিত 16 জুলাই মঙলবাৰে মহানগৰীৰ বিভিন্ন স্থানৰ পৰা আন তিনি হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷

লগতে পঢ়ক : সুন্দৰবন নগৰ হত্যাকাণ্ডৰে জড়িত চাৰি হত্যাকাৰীক গ্ৰেপ্তাৰ - Sensational Murder In Guwahati

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.