আৰক্ষীৰ জালত গৰুচোৰৰ গেং - COW SMUGGLERS DETAINED - COW SMUGGLERS DETAINED
🎬 Watch Now: Feature Video


Published : May 31, 2024, 10:00 PM IST
বঙাইগাঁও, 31 মে’ : বঙাইগাঁও জিলাৰ অভায়াপুৰীত বঙাইগাঁও আৰক্ষীয়ে এক অভিযান চলায় । বঙাইগাঁও আৰক্ষীয়ে চলোৱা এই অভিযানত পাঁচটা গৰুচোৰক আটক কৰিবলৈ সক্ষম হয় । এক গোপন সূত্ৰৰ পম খেদি বৃহস্পতিবাৰে নিশা এই অভিযান চলাই বঙাইগাঁও আৰক্ষীয়ে । বঙাইগাঁও আৰক্ষীয়ে এই অভিযানত এটা গৰুচোৰৰ গেঙক আটক কৰিবলৈ সক্ষম হয় । আটকাধীন গৰুচোৰকেইটা হৈছে আবু চামা, মবিনুৰ ৰহমান, সাহিনুৰ ইছমাল, গুলাম ওস্মানি, সিকণ্ডৰ বাদশ্বাহ। লগতে বঙাইগাঁও আৰক্ষীয়ে গৰু চুৰিৰ কাৰ্যত ব্যৱহাৰ কৰা ২ খন চাৰিচকীয়া বাহন জব্দ কৰিবলৈও সক্ষম হয় ।
উল্লেখ্য যে, যোৱা কেইবামাহ ধৰি বঙাইগাঁও জিলাৰ বিভিন্ন অঞ্চলত গৰু চুৰিৰ ঘটনা বৃদ্ধি হৈছিল । গৰুচোৰৰ এই গেংটোৱে এক প্ৰকাৰৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছিল অঞ্চলটোত ৷ সম্প্ৰতি আৰক্ষীয়ে চোৰৰ গেংটোক সোধা পোছা অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক : সত্ৰাধিকাৰৰ তৎপৰতাত জব্দ চোৰাং গৰুসহ বিলাসী বাহন - Cow smuggling in Dibrugarh