ক'ভিড চাফাইকৰ্মীৰ প্ৰতিবাদত উত্তাল মহানগৰীৰ চচল - Covid Warrior protest

By ETV Bharat Assamese Team

Published : Aug 7, 2024, 8:18 PM IST

thumbnail
ক'ভিড চাফাইকৰ্মীৰ প্ৰতিবাদত উত্তাল মহানগৰীৰ চচল (ETV Bharat Assam)

গুৱাহাটী, ৭ আগষ্ট: ক'ভিড চাফাইকৰ্মীৰ প্ৰতিবাদত বুধবাৰে উত্তাল হৈ পৰিল মহানগৰীৰ চচল । চাকৰি নিয়মীয়কৰণৰ দাবী উত্থাপন কৰি উৎকট গৰমৰ মাজতো চচলত পি পি ই কিট পিন্ধি প্ৰতিবাদত বহিল ক'ভিড চাফাইকৰ্মীসকল । ক'ভিডকালিন দুৰ্যোগৰ সময়ত নিয়োজিত ক'ভিড চাফাইকৰ্মীসকলৰ চাকৰি নিয়মীয়া কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক নিজৰ প্ৰতিশ্ৰুতি আৰু ঘোষণাৰ কথা মনত পেলাই দি মহানগৰীৰ চচলত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ক'ভিড চাফাইকর্মীসকলে ।  

প্ৰতিবাদকাৰীসকলে অসমৰ ১,৩২৪ গৰাকী ক'ভিড যোদ্ধাৰ চাকৰিসমূহ ১০০% নিয়মীয়াকৰণৰ লগতে পুনৰসংস্থাপনৰ বাবে আহ্বান জনাই মুখ্যমন্ত্ৰীক । ক'ভিডকালিন সময়ছোৱাত নিজৰ জীৱনকো তুচ্ছ কৰি অসমৰ বিভিন্ন স্থানত থকা ক'ভিড হাস্পতাল, ক'ভিড চাফাই কেন্দ্ৰ, ক'ভিড কেয়াৰ কেন্দ্ৰ, ক'ভিড কোৱাৰেণ্টিন কেন্দ্ৰ আদি চাফ চিকুনকৈ ৰখাৰ বাবে চৰকাৰে নিয়োজিত কৰিছিল ১,৩২৪ গৰাকী চাফাইকৰ্মীক । তেওঁলোক বর্তমান কর্মহীন হৈ পৰাৰ লগতে ঘৰখন চলাব নোৱৰা হৈ পৰিছে, ফলত হতাশাত ভুগিছে ক'ভিড কৰ্মীসকলে । এই ক'ভিড চাফাইকর্মীসকলক পুনৰ অসম চৰকাৰৰ যিকোনো বিভাগৰ "চতুৰ্থ শ্ৰেণী"ত ৬০ বছৰ বয়সলৈকে সংস্থাপন দিয়াৰ বাবে আহ্বান প্ৰতিবাদীসকলৰ ।

লগতে পঢ়ক: বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ : মেৰামতিৰ দাবীত ডুমডুমাত আছুৰ উত্তাল প্ৰতিবাদ - National Highway 37

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.