ভোটগণনা কেন্দ্ৰত হাহাকাৰ... ষড়যন্ত্ৰৰ বলি হৈছে নেকি কাউণ্টিং এজেণ্ট ? - Lok sabha election Results 2024

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 10:50 AM IST

thumbnail
ভোটগণনা কেন্দ্ৰত হাহাকাৰ... ষড়যন্ত্ৰৰ বলি হৈছে নেকি কাউণ্টিং এজেণ্ট ? (ETV BHARAT ASSAM)

দৰং, 4 জুন : আজি ৰাজ্যজুৰি ভোটগণনা অব্যাহত আছে ৷ ইয়াৰ মাজতে দৰং জিলাৰ মঙলদৈ মহাবিদ্যালয়ত অনুষ্ঠিত হৈ থকা ভোটগণনাত হলত প্ৰৱেশ কৰিব পৰা নাই দুটাকৈ ৰাজনৈতিক দলৰ কাউন্টিং এজেণ্টে ৷ গণ সুৰক্ষা পাৰ্টী আৰু ভোটাৰছ পাৰ্টি ইন্টাৰনেশ্যনেলৰ এজেন্টসকলে কাউন্টিং হলত সোমাব নোৱাৰাৰ বাবে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ।

লগতে পঢ়ক: জিকা-হৰা থাকিবই: পাঁচটা বিধানসভা সমষ্টিৰ কাউণ্টিং এজেণ্টৰ কাষলৈ যাব মীৰা বৰঠাকুৰ - Lok Sabha Election Results 2024

এজেণ্টসকলে জানিবলৈ দিয়া মতে, তেওঁলোকে নীতি অনুসৰি 3 জুনত জিলা আয়ুক্তৰ পৰা পৰিচয় পত্ৰসমূহ সংগ্ৰহ কৰে ৷ কিন্তু সেই পৰিচয় পত্ৰত তেওঁলোকৰ হল নম্বৰ আৰু টেবুল নম্বৰ উল্লেখ নাছিল ৷ ফলত তেওঁলোকে আজি পুৱা 7 বজাৰ পৰা শাৰী পাতি থকা স্বত্বেও ভোটগণনা কেন্দ্ৰত সোমাবলৈ পৰা নাই ৷ 

ইতিমধ্যে দলটোৱে দৰং জিলা প্ৰশাসৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে ৷ ইয়াৰ পিচতে দুয়োটা দলে ক্ষোভ প্ৰকাশ কৰি দৰং জিলাৰ আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়াক মৌখিকভাৱে অৱগত কৰিছে যদিও এতিয়ালৈকে কোনো সুদুত্তৰ পোৱা নাই ।

লোকসভা নিৰ্বাচনৰ ফলাফলৰ লাইভ আপডেটৰ বাবে ক্লিক কৰক https://www.etvbharat.com/as/!elections/lok-sabha-election-results-2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.