মহানগৰীত চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ পত্ৰিকা বিতৰণ - congress distributed pamphlets

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 10:13 PM IST

গুৱাহাটী, ১০ মাৰ্চঃ সমাগত লোকসভা নিৰ্বাচন । এই লৈ এতিয়া প্ৰতিটো ৰাজনৈতিক দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলেও নিৰ্বাচনী ৰণৰ কুচ-কাৱাজ আৰম্ভ কৰিছে । ইতিমধ্যে বিজেপিকে ধৰি আন কেইবাটাও দলে বহুকেইটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । একেদৰে ৰাজ্যখনৰ অঘোষিতভাৱে হ'লেও ৰাজনৈতিক দলসমূহে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ কৰিছে । অসমত কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশ হোৱা নাই যদিও প্ৰচাৰত নামি পৰিছে কংগ্ৰেছ নেতা-কৰ্মীসকল । ইয়াৰ মাজতেই দেওবাৰে মহানগৰীত কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে চলালে প্ৰচাৰ ।

'পৰিৱৰ্তন নহয়, পৰিত্ৰাণৰ প্ৰয়োজন', কেৱল অসমৰে নহয়,সমগ্ৰ ভাৰতৰ' এই শ্লোগানেৰে আজি বেলতলা বজাৰত কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে চলালে প্ৰচাৰ । গুৱাহাটী মহানগৰীৰ বিভিন্ন সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিৰে প্ৰচাৰ পত্ৰিকা বিতৰণ কৰিলে নেত্ৰীগৰাকীয়ে । এনে প্ৰচাৰ অভিযানৰ অংশ হিচাপে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে চিটিবাছত উঠি, বজাৰে বজাৰে গৈ বিজেপি চৰকাৰৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ বিষয়ে অৱগত কৰিছে । তেওঁ শাসকীয় চৰকাৰৰ এনে কাৰ্যৰ বিৰোধিতাৰে কংগ্ৰেছে জনযাত্ৰা আৰম্ভ কৰা বুলি মন্তব্যত কৰে । কৰ, দুৰ্নীতি, মূল্য়বৃদ্ধিৰে সাধাৰণ জনতাক বিজেপিয়ে টেটুচেপা দিয়া বুলিও মন্তব্য কৰিছে কংগ্ৰেছ নেতৃগৰাকীয়ে । আজিৰ এই পত্ৰিকা বিতৰণত নেতৃগৰাকীৰ লগতে প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনেও অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:প্ৰথম অসমীয়া মহিলা বিমান পাইলট ধীৰা চলিহা হাজৰিকালৈ বীৰাংগনা মূলাগাভৰু বঁটা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.