thumbnail

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 5:05 PM IST

ETV Bharat / Videos

এগজিট প’ল নহয় মোদী প’লহে আছিল : গৌৰৱ গগৈ - LOK SABHA ELECTION RESULTS 2024

শিৱসাগৰ, 4 জুন : শিৱসাগৰ জিলাৰ সোণাৰি ভোটকেন্দ্ৰত উপস্থিত কংগ্ৰেছী প্ৰাৰ্থী গৌৰৱ গগৈ ৷ যোৰহাট লোকসভা সমষ্টিত বৰ্তমানে 137799 টা ভোটত আগবাঢ়ি আছে গৌৰৱ গগৈ ৷ ইয়াৰ পিচতে নিশ্চিত জয়ৰ দিশে কংগ্ৰেছ প্ৰাৰ্থীগৰাকী । 

লগতে পঢ়ক: দৰং-ওদালগুৰি লোকসভা সমষ্টিত দিলীপ শইকীয়াৰ আশাৰ ৰেঙণি - Lok Sabha Election Results 2024

গগৈয়ে সংবাদমাধ্যমক সাক্ষাৎ কৰি কয়, "শেহতীয়াকৈ দেশজুৰি এগজিট প’লে সৰ্বত্ৰে চৰ্চা লাভ কৰিছিল ৷ এগজিট প’ল এক ৰণকৌশলহে আছিল ৷ ই আমাৰ কৰ্মীসকলৰ মনোবল দুৰ্বল কৰিবলৈ চেষ্টা কৰিছিল ৷ ৰাহুল গান্ধীয়ে সেই সময়তে এগজিট প’লৰ সন্দৰ্ভত সোধা প্ৰশ্নত এয়া মোদী প’ল বুলিহে কৈছিল ৷ তেতিয়াই আমাৰ সাহস পুনৰ বৃদ্ধি হ’ল ৷ কেৱল ৰাজ্যতে নহয় এইবাৰ উত্তৰ প্ৰদেশ আৰু ৰাজস্থানত ইণ্ডি এলায়েন্সে অগ্ৰগতি লাভ কৰিছে ৷ সমগ্ৰ ভাৰতত আমি এইবাৰ বেলেগ এটা পৰিৱেশ দেখা পাইছো ৷"

লোকসভা নিৰ্বাচনৰ ফলাফলৰ অধিক বা-বাতৰিৰ বাবে ক্লিক কৰক :

https://www.etvbharat.com/en/!elections/election-2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.