ধেমাজিত ভূমি পট্টা বিতৰণৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীয়ে - Mission Bashundhara
🎬 Watch Now: Feature Video


Published : Feb 22, 2024, 9:44 AM IST
|Updated : Feb 22, 2024, 9:52 AM IST
ধেমাজি,২২ ফেব্ৰুৱাৰী: আজি ধেমাজিলৈ আহিব মুখ্যমন্ত্ৰী ৷ মিছন বসুন্ধৰা ২.০ ৰ অধীনত খিলঞ্জীয়া লোকক ভূমি পট্টা বিতৰণৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ জিলাখনৰ ধেমাজি সমষ্টি আৰু জোনাই সমষ্টিৰ সৰ্বমুঠ ২৫০০০ লোকে লাভ কৰিব পট্টা ৷ ধেমাজি ঐতিহাসিক কাছাৰী ময়দানত এঘাৰ বজাত ধেমাজি সমষ্টিৰ ভূমি পট্টা লাভ কৰাসকলক পট্টা প্ৰদান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
ইফালে চিমেন চাপৰি এছ বি বড়ো খেলপথাৰত বিয়লি দুই বজাত জোনাই সমষ্টিৰ পট্টাদাৰসকলক পট্টা বিতৰণ কৰা হ'ব ৷ মুখ্যমন্ত্ৰীক আদৰিবলৈ চলোৱা প্ৰস্তুতি সন্দৰ্ভত বুজ ল'বলৈ বুধবাৰে কাছাৰী ময়দানত উপস্থিত হয় সাংসদ প্ৰদান বৰুৱা, বিধায়ক তথা শিক্ষামন্ত্ৰী ৰণোজ পেগু, জিলা আয়ুক্তকে আদি কৰি বিভাগীয় বিষয়াসকল ।