thumbnail

By ETV Bharat Assamese Team

Published : Apr 12, 2024, 5:36 PM IST

ETV Bharat / Videos

পৰেশ বৰুৱাক আলোচনালৈ আকৌ এবাৰ মাতিলে মুখ্যমন্ত্ৰীয়ে - CM urges ULFA for talk

মৰাণ, ১২ এপ্ৰিল: লোকসভা নিৰ্বাচনক লৈ শাসক-বিৰোধী সকলো ৰাজনৈতিক দল ব্যস্ত। প্ৰতিটো লোকসভা সমষ্টিত দিনে-নিশাই ব্যাপক প্ৰচাৰ চলাইছে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে । ইয়াৰ মাজতে আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ বিমল বৰুৱাই কেইদিনমান পূৰ্বে অগপ দলত যোগদান কৰে । চাবুৱা-লাহোৱাল সমষ্টিৰ অগপৰ কাৰ্যালয় মুকলি অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰা আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত অসম গণ পৰিষদত যোগদান কৰিছিল বিমল বৰুৱাই । ইয়াৰ পাচতে আজি চাবুৱাত নিবাৰ্চনী প্ৰচাৰ চলাবলৈ অহা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । ইপিনে, বিহুৰ উৰুকাৰ দিনাই আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক পুনৰ শান্তি আলোচনালৈ আহ্বান জনালে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই ।

এই প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়," পৰেশ বৰুৱাৰ ভাতৃৰ যোগদান মই ৰাজনৈতিক দৃষ্টিৰে নাচাওঁ । কিন্তু পৰেশ বৰুৱালৈ আমাৰ সদায় আগ্ৰহ আছে । তেওঁ আলোচনালৈ আহক । আমি একেলগে কথা-বতৰা পাতিম । অসমৰ এই সুন্দৰ পৰিবেশটো আমি ধৰি ৰাখিব লাগে । মই ভাবো যে আমাৰ কথা পৰেশ বৰুৱাৰ লগতহে ,তেওঁৰ ভাতৃৰ লগত নহয় । তেওঁৰ কনিষ্ঠ ভাতৃ বা জ্য়েষ্ঠ ভাতৃয়ে কি কৰিছে সেয়া তেওঁলোকৰ ব্য়ক্তিগত কথা । এইক্ষেত্ৰত আমি চকু দিয়া বা মন্তব্য় দিয়া উচিত নহয় ।"

লগতে পঢ়ক:খোৱাঙত সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.