ৰাজনৈতিক দলত অহা-যোৱা চলিয়েই থাকে : মুখ্যমন্ত্ৰী - Himanta Biswa Sarma

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 9:49 PM IST

thumbnail
দক্ষিণ কামৰূপত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

গুৱাহাটী, 12 জুলাই : ‘‘ৰাজনৈতিক দলত অহা-যোৱা চলি থাকে ৷ যিসকল বিজেপিৰ আদৰ্শৰ লগত জড়িত, তেওঁলোক বিজেপিলৈ আহিলে বেলেগ দললৈ নাযায় ৷ সমগ্ৰ ভাৰততে বিজেপি ত্যাগ কৰি কংগ্ৰেছলৈ যোৱা লোকৰ সংখ্যা যথেষ্ট কম ৷’’- এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷

শেহতীয়াকৈ বিজেপিৰ কেবাজনো নেতাই কংগ্ৰেছত যোগদান কৰিব বুলি ওলোৱা খবৰৰ সন্দৰ্ভত শুকুৰবাৰে এইদৰে কয় মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এইকেইদিনত তেওঁ ৰাজনীতিত সময় দিয়া নাই ৷ তিনিমাহমান তেওঁ উন্নয়নমূলক কামত সময় দিব ৷ কিন্তু জানুৱাৰীৰ পৰা বহুসংখ্যক লোক কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ যিয়ে য’তেই যোগদান নকৰক, কেৱল ৰাইজৰ স্বাৰ্থত থাকিলেই হ’ল বুলি ড৹ শৰ্মাই মন্তব্য কৰে ৷

অসমীয়া আৰু হিন্দু মানুহ কেলঢোপ-কেলঢোপ কৰি জীয়াই আছে বুলি মন্তব্য কৰি এই মানুহখিনিৰ স্বাৰ্থ সকলোতে সুৰক্ষিত কৰি ৰখাৰ আহ্বান জনাই ড৹ শৰ্মাই ৷

লগতে পঢ়ক : বিদায় বিজেপি ! বিধায়কৰ পৰা বিদ্ৰোহী বিধায়কৰ পুত্ৰলৈ...

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.