মাছখোৱা-ভূতনাথ সংযোগী উৰণসেতু মুকলি মুখ্যমন্ত্ৰীৰ LIVE - CM Himanta Biswa Sarma
🎬 Watch Now: Feature Video


Published : Mar 4, 2024, 6:31 PM IST
গুৱাহাটী, 4 মাৰ্চ: গুৱাহাটীৰ মাছখোৱা আৰু ভূতনাথক সংযোগ কৰি ব্ৰহ্মপুত্ৰ নদীৰ কাষেৰে নিৰ্মাণ কৰা উৰণসেতুখন (বিকল্প পথ) সোমবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ বাবে মুকলি কৰে । গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগ কৰি নিৰ্মাণ কৰি থকা দলংখনৰ আধাৰশিলা 2019 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থাপন কৰিছিল আৰু 2020 চনত দলংখন নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল ৷দলংখনৰ বিস্তৃত প্ৰকল্পৰ প্ৰতিবেদন চমুকৈ ডি পি আৰ স্মেক ইণ্ডিয়া প্ৰাইভেট লিমিটেডে প্ৰস্তুত কৰিছে ৷ দলংখন নির্মাণ সম্পূৰ্ণ হ'লে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ বাট মাত্ৰ ৭ মিনিটৰ হ'ব ৷ গুৱাহাটী-উত্তৰ গুৱাহাটীক সংযোগ কৰি নিৰ্মাণ কৰি থকা দলংখন ছয়লেনযুক্তকৈ নিৰ্মাণ কৰা হ'ব ৷ গুৱাহাটীৰ পৰা যোৱা দলংখন উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত দেৱালয়ৰ 390 মিটাৰ তলেৰে যাব ৷লগতে পঢ়ক: এম জি ৰোডৰ বিকল্প পথ আজি মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে