ইন্দ্ৰাবিশেষ নৃত্যৰে সামৰণি পৰিল দাক্ষিণপাট সত্ৰৰ ৰাস মহোৎসৱৰ - RAAS MAHOTSAV OF DAKHINPAT SATRA

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 16, 2024, 10:48 PM IST

মাজুলী: ৰাস বুলি ক’লেই মাজুলীৰ ছবিখন মানসপটত জিলিকি উঠে ৷ ৰাস আৰু মাজুলীৰ আছে এৰাব নোৱৰা সম্পৰ্ক । মাজুলীৰ ৰাস বুলিলেই মাজুলিলৈ আগমন ঘটে দেশ-বিদেশৰ হাজাৰ হাজাৰ দর্শনাৰ্থীৰ । কাতি মাহৰ লক্ষ্মী পূৰ্ণিমাৰ দিনাই সমগ্ৰ মাজুলীৰ ১২ খনকৈ সত্ৰৰ লগতে অৰ্ধশতাধিক মঞ্চত পৰম্পৰাগতভাৱে শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আখৰা তথা ‘নাট মেলা পৰ্ব’ অনুষ্ঠিত হয় ৷ সিদিনাৰ পৰাই মাজুলীত এমাহ ধৰি ৰাসৰ আখৰাৰ অন্তত ৰাস পূৰ্ণিমাৰ দিনা এই ৰাসৰ শুভাৰম্ভ হয় । শনিবাৰে সামৰণি পৰিল মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰৰ ৰাস মহোৎসৱৰ ৷  

দক্ষিণপাট সত্ৰত যোৱা বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হোৱা ৰাস মহোৎসৱৰ শনিবাৰে সামৰণি পৰে ৷ ঐতিহাসিক দক্ষিণপাট সত্ৰৰ ৰাসৰ প্ৰথম দিনা অধিবাস,দ্বিতীয় দিনা মহাৰাস আৰু শেষৰ দিনা দিন ৰাস অনুষ্ঠিত হয় ৷ উল্লেখ্য যে ৰাসৰ শেষৰ দিনা ইন্দ্ৰাবিশেষ নৃত্য আৰু বিগ্ৰহ ফুৰাই ঐতিহাসিক সত্ৰখনৰ ৰাস মহোৎসৱৰ সামৰণি পৰে ৷ প্ৰতি বছৰৰ দৰে এইবাৰো দক্ষিণপাট সত্ৰত ৰাস উপভোগ কৰিবলৈ হাজাৰ হাজাৰ দেশী-বিদেশী পৰ্যটকৰ আগমন হোৱা বুলি উল্লেখ কৰে সত্ৰখনৰ ভকত-বৈষ্ণৱে ।

লগতে পঢ়কমায়াময় মাজুলী... শৰতৰ মায়া সানি ৰাসৰ ৰসেৰে উপচিছে নদীদ্বীপ

ৰাস মহোৎসৱত মাজুলীত পদূলিয়ে পদূলিয়ে জ্বলিব লক্ষাধিক বন্তি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.