ডিব্ৰুগড় জিমখানা ক্লাবত CIDৰ দল : নেতৃত্বত সংযুক্তা পৰাশৰ - Bhim Rajak suicide case

By ETV Bharat Assamese Team

Published : Aug 2, 2024, 10:55 PM IST

thumbnail
ডিব্ৰুগড় জিমখানা ক্লাবত CIDৰ দল (ETV Bharat Assam)

ডিব্ৰুগড়, ২ আগষ্ট : ডিব্ৰুগড়ৰ জিমখানা ক্লাবত উপস্থিত চি আই ডিৰ আই জি পি সংযুক্তা পৰাশৰ । ক্লাবৰ প্ৰৱন্ধক ভীম ৰজকৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে উপস্থিত আই জি পিসহ চি আই ডি আৰু আৰক্ষীৰ বৃহৎ দল ৷ ক্লাবৰ ভিতৰত বহু সময় অভিযান চলোৱাৰ পিচতে মেনেজাৰসহ আন দুজনক আটক ৷

যোৱা ১৭ জুলাইৰ নিশা ক্লাবৰ ওপৰ মহলাত ক্লাবটোৰ প্ৰৱন্ধক ভীম ৰজক নাম যুৱকজনে আত্মহত্যা কৰিছিল । উক্ত ঘটনা ৰহস্যজনক বুলি দাবী কৰি পৰিয়ালে ক্লাব কৰ্তৃপক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল ৷ ৰজকৰ ভাতৃৰ মতে কিছু টকা লেনদেনক লৈ ৰজকক হাৰাশাস্তি কৰি আহিছিল জিমখানা ক্লাবৰ একাংশ সদস্যই ৷ ফলত উপায়হীন হৈ আত্মহত্যা কৰিছিল ভীম ৰজকে ।

এই ঘটনাক লৈ কেবাটাও দল-সংগঠনে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছিল ৷ ইয়াৰ পিচতে শুকুৰবাৰে আৰক্ষী আৰু চি আই ডিয়ে তদন্ত আৰম্ভ কৰে ৷

লগতে পঢ়ক : ৰহস্যঘন ঢকুৱাখনাকাণ্ডৰ তদন্ত: ছিন্নমুণ্ড বিচাৰি পাব নে চিআইডিয়ে ? সুনীল গগৈ এতিয়া ক’ত ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.