YBY এপৰ প্ৰৱঞ্চনা : গোচৰ ৰুজু কৰিছে চি আই ডিয়ে - YBY Scam - YBY SCAM
🎬 Watch Now: Feature Video


Published : Aug 14, 2024, 7:22 PM IST
গুৱাহাটী, 14 আগষ্ট : YBY ট্ৰেডিং এপৰ জৰিয়তে প্ৰৱঞ্চনাৰ বলি হোৱা ভুক্তভোগীয়ে অভিযোগ দাখিল বাবে অসম আৰক্ষীয়ে শীঘ্ৰে ফোন নম্বৰ মুকলি কৰিব বুলি মন্তব্য আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ ৷ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত কয় যে, YBY সন্দৰ্ভত যোৱা 15 দিনমান আগত খবৰ আহিছিল ৷ যোৱা তিনি-চাৰি দিন পূৰ্বে চি আই ডিত এটা গোচৰ ৰুজু কৰা হৈছে ৷ চি আই ডিয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ৷ তদন্তৰ পিছত যি ওলাই তাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷ বিত্ত মন্ত্ৰালয় আৰু ৰিজাৰ্ভ বেংকৰ গাইডলাইন উলংঘা কৰা প্ৰতিষ্ঠাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷ তদুপৰি আৰক্ষীৰ তৰফৰ পৰা ৰাইজৰ মাজত সজাগতা আনিবলৈ চেষ্টা কৰা হ'ব ৷
উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন স্থানত YBY নামৰ এপটোৱে প্ৰৱঞ্চনাৰ জাল পেলাই লাখে লাখে টকা সৰকাইছিল ৷ ৰাইজক আভুৱা ভাৰিবলৈকে এপটোৰ তৰফৰ পৰা সাহাৰ্যও প্ৰদান কৰা হৈছিল ৷ তাকে দেখি এপটোত কমেও 6 হাজাৰৰ পৰা লাখ টকা পৰ্যন্ত বিনিয়োগ কৰিছিল অসমৰ ভিন্ন প্ৰান্তৰ লোকে ৷ YBY নামৰ এপটোৱে পেলোৱা প্ৰৱঞ্চনাৰ জালখন পোহৰলৈ আহিল, যেতিয়াই 6 হাজাৰ টকা পুনৰ জমা কৰি KYC দিবলৈ কোৱা হ’ল ৷ লগে লগে বন্ধ হৈ পৰিল খাটিখোৱা জনতাই জমা কৰা টকা উলিওৱাৰ বাট ৷
অনলাইন ট্ৰেডিং এপ YBY ৰ ৰামঠগন এতিয়া ৰাজ্যৰ সৰ্বত্ৰে চৰ্চিত হৈ আছে ৷ তীব্ৰ চৰ্চা চলিছে সামাজিক মাধ্যমতো ৷ কাৰ কিমান টকা পানীত পৰিল তাক লৈ চলিছে হিচাপ-নিকাচ ৷ কেৱল YBY নহয়, ইয়াৰ পূৰ্বেও এনে বহু অনলাইন এপ্লিকেশ্যনে সৰ্বস্বান্ত কৰি থৈছে অসমৰ বহু লোকক ৷
লগতে পঢ়ক : একেনিশাই ধনী হোৱাৰ সপোনে পানীত পেলোৱালে কোটি কোটি টকা - YBY trading app