মাতাল পিতৃয়ে হত্য়া কৰি পুতি থলে ডেৰমহীয়া শিশুক

By ETV Bharat Assamese Team

Published : Feb 24, 2024, 11:01 PM IST

thumbnail

কোকৰাঝাৰ, ২৪ ফেব্ৰুৱাৰী: কোকৰাঝাৰত সংঘটিত হৈছে এক নৃশংস হত্য়াকাণ্ড । মাতাল পিতৃয়ে হত্য়া কৰিলে এটি ডেৰমহীয়া শিশুক । জিলাখনৰ দালোৱাবাৰী বাগিচা পাত্ৰা লাইনৰ কৃষ্ণ মিঞ্চে ডেৰমহীয়া শিশুক বিচনাত আচাৰি মৃত্যুৰ মুখলৈ ঠেলি দিয়ে । উত্থাপিত অভিযোগ মতে, কৃষ্ণই মাতাল হৈ তেওঁৰ পত্নী সোণামনি মিঞ্চৰ সৈতে প্ৰায়ে কাজিয়াত লিপ্ত হৈ আহিছে । যোৱা ২২ ফেব্ৰুৱাৰীৰ নিশাও কৃষ্ণই সুৰাপান কৰি পত্নীৰ সৈতে কাজিয়াত লিপ্ত হয় । খঙৰ ভমকত পত্নীৰ কোলাত থকা ডেৰমহীয়া শিশুটিক বিচনাত আচাৰে । যাৰ পৰিণতিত শিশুটি গুৰুতৰভাৱে আঘাপ্ৰাপ্ত হয় যদিও পিতৃয়ে চিকিৎসালয়ত লৈ যোৱাৰ পৰিৱৰ্তে তেওঁলোকে কবিৰাজৰ চিকিৎসা কৰে । আজি পুৱতি নিশা ৩ বজাত শিশুটিৰ মৃত্যু হয় ।  

শিশুটিৰ মৃত্যুৰ পিছত পিতৃয়ে পুনৰ নিষ্ঠুৰতা প্ৰকাশ কৰি সংগোপনে ঘৰৰ পিচফালে পুতি থয় । এই ঘটনাত মাতৃ সোণামনি মিঞ্চ মানসিকভাৱে ভাগি পৰে আৰু গাঁওবুঢ়াক অৱগত কৰে । ইয়াৰ পিচতেই অহুকাণ -পহুকাণে ঘটনাটো প্ৰচাৰ হোৱাত গাঁওবাসীয়ে আৰক্ষীক খবৰ দিয়ে । ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাত ৰাইজে অভিযুক্তক আৰক্ষীক গতাই দিয়ে । ইপিনে, আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত শিশুটিৰ মৃতদেহ খান্দি মৰণোত্তোৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

লগতে পঢ়ক:কাকপথাৰ আৰক্ষীয়ে কিয় গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিলে ভাগ্যবান ৰজকক ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.