তেজপুৰত চলন্ত বাহনত অগ্নিকাণ্ড : কথমপি ৰক্ষা পৰিল যাত্ৰী - Car Catches Fire

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 10:10 PM IST

thumbnail
তেজপুৰত চলন্ত বাহনত অগ্নিকাণ্ড (ETV Bharat Assam)

তেজপুৰ, ২৫ জুন : দাউদাউকৈ জ্বলি উঠিল এখন চলন্ত বাহন ৷ কথমপি প্ৰাণৰক্ষা পৰে গাড়ীত থকা যাত্ৰীৰ । ঘটনাটো সংঘটিত হয় তেজপুৰ বিহগুড়ি পিঠাখোৱাত ।

মঙলবাৰে সন্ধিয়া ঢেকীয়াজুলিৰ দিশৰ পৰা তেজপুৰ অভিমুখী এখন চাৰিচকীয়া বাহনত এই অগ্নিকাণ্ডটো সংঘটিত হয় ৷ তেজপুৰ বিহগুড়ি পিঠাখোৱাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি থকা ৰেণ’ল্ড গাড়ীখনত আছিল দুজন লোক ৷ গাড়ীখন হঠাৎ জ্বলি উঠাৰ লগেলগে কোনোমতে লোক দুজন গাড়ীৰ পৰা নামি আহে ।

জানিব পৰা মতে যান্ত্ৰিক বিজুতিৰ ফলত এই ঘটনা সংঘটিত হয় ৷ বিহগুড়ি চন্দ্ৰনাথ শৰ্মা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাষতে গাড়ীখন অগ্নিদগ্ধ হয় । কিছুসময়ৰ পিচতে অগ্নি নিৰ্বাপক বাহিনীয়ে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় । বাতৰি লিখা সময়লৈকে যাত্ৰীৰ ঠিকনাৰ লগতে গাড়ীৰ নম্বৰ জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক: চলন্ত গাড়ীত জ্বলন্ত অগ্নিপিণ্ড লৈ কোন এওঁ ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.