দুৰ্ঘটনাত পতিত বাহন, নিহত ম'হ ! - Cattle Smuggling - CATTLE SMUGGLING
🎬 Watch Now: Feature Video


Published : May 8, 2024, 11:08 PM IST
বঙাইগাঁও,৮ মে': ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশৰ পিছতো অব্যাহত আছে চোৰাং গৰু-ম'হৰ ৰমৰমীয়া বেহা । চোৰাং সৰবৰাহকাৰীয়ে বহিঃৰাজ্যৰ পৰা বঙাইগাঁও জিলালৈ সৰবৰাহ কৰে গৰু, ম'হ । বুধবাৰে পুৱতি নিশা বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত পূৰ্বৰ জপেয়া আৰু বৰ্তমানৰ মাত্ৰাঘোলাত চাৰিটা গৰু আৰু তিনিটা ম'হ ভৰ্তি এখন গাড়ী দুৰ্ঘটনাত পতিত হয় ।
AS-15-AC-7359 নম্বৰৰ গাড়ীখনে গৰু আৰু ম'হ ভৰ্তি কৰি লৈ যোৱাৰ সময়তে দুৰ্ঘটনাত পতিত হৈ ৰাস্তাৰ তলত বাগৰি পৰে বাহনখন । ফলত এটা ম'হৰ মৃত্যু হয় । দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে চালকে ।
ঘটনাস্থলীত মেৰেৰচৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে । উল্লেখ্য যে, ৰাজ্যত বৰ্তমানেও পশুধনৰ চোৰাং বেহা অব্যাহত আছে । আৰক্ষী প্ৰশাসন যথেষ্ট কঠোৰ হোৱাৰ পাছতো কিদৰে চোৰাং সৰবৰাহকাৰীয়ে চলাই গৈছে এই চোৰাং বেহা ? সেয়া এক ডাঙৰ প্ৰশ্ন ।