thumbnail

বিজেপিত অসন্তুষ্টি : পৰিমলৰ চৰিত্ৰ উদঙাই দলত্যাগ টিকট প্ৰত্যাশী নেতাৰ

By ETV Bharat Assamese Team

Published : 4 hours ago

শিলচৰ : আহি থকা উপ-নিৰ্বাচনৰ বাবে বিজেপি দলে প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ লগে লগে দলৰ ভিতৰচ'ৰাত তীব্ৰ অসন্তুষ্টি দেখা গৈছে । টিকট প্ৰত্যাশী নেতাৰ মাজত ক্ষোভ দেখা গৈছে । তেনে এক ক্ষোভৰ উদ্গীৰণ দেখা গ'ল কাছাৰত । টিকট নাপাই প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ সাংসদ পৰিমল শুক্লবৈদ্যৰ বিৰুদ্ধে সৰৱ হ'ল জ্যেষ্ঠ বিজেপি নেতা অমিয়কান্তি দাস ।

প্ৰাৰ্থিত্ব লাভ নকৰাৰ ক্ষোভত কাছাৰ জিলা বিজেপিৰ উপ-সভাপতি দাসে দলত্যাগৰ ঘোষণা কৰে । ৰাজ্যিক বিজেপিৰ সভাপতিলৈ পদত্যাগ পত্ৰও প্ৰেৰণ কৰিছে দাসে । পত্ৰত পৰিমল শুক্লবৈদ্যৰ‌ বাবেই দলীয় টিকট লাভ নকৰাৰ অভিযোগ মুকলিকৈ উল্লেখ কৰে অমিয়কান্তি দাসে ।

শিলচৰ সমষ্টিৰ বাসিন্দা নীহাৰ ৰঞ্জন‌ দাসক ধলাই উপ-নিৰ্বাচনৰ‌ বাবে প্ৰাৰ্থিত্ব প্ৰদানৰ আঁৰত শুক্লবৈদ্যৰ হাত থকাৰ কথা দাবী কৰে নেতাজনে । দাসৰ ক্ষোভ - "ধলাইত অৰাজকতা অব্যাহত ৰখাৰ বাবেই নিজৰ হাতৰ পুতলাক টিকট প্ৰদান কৰিছে সাংসদ পৰিমল শুক্লবৈদ্যই ।" বিজেপিৰ নীতি আদৰ্শক লৈও প্ৰশ্ন উত্থাপন কৰে নেতাগৰাকীয়ে ।

লগতে পঢ়ক :দলীয় নেতৃত্বক কৃতজ্ঞতা নীহাৰ ৰঞ্জন দাসৰ: বেজাৰতে বিজেপি এৰিলে অমিয়কান্তিয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.