thumbnail

চোৰে চাফাই অভিযান চলালে মহিলা সাংবাদিকৰ ভাড়াঘৰত - Theft In Guwahati

By ETV Bharat Assamese Team

Published : May 5, 2024, 12:46 PM IST

গুৱাহাটী, ৫ মে': মহানগৰীত পুনৰ সংঘটিত হৈছে চুৰিকাণ্ডৰ ঘটনা । এইবাৰ চোৰে চাফাই অভিযান চলালে এগৰাকী মহিলা সাংবাদিকৰ ভাড়াঘৰত । ভাড়াঘৰত প্ৰৱেশ কৰি লুটি নিলে নগদ ধন, টেবলেট আৰু ম’বাইল ফোন । ঘটনাৰ স্থান মহানগৰীৰ হাতীগাঁও ।

হাতীগাঁৱৰ শেৱালী পথৰ বকুলবন উপ-পথৰ গৃহ নং ২ ত সংঘটিত হৈছে এই ঘটনা । ঘটনাৰ বিৱৰণি অনুসৰি দুদিন পুৰ্বে ভাড়ালৈ লোৱা ২য় মহলাত থকা ভাৰাঘৰটো তলা মাৰি কৰ্মক্ষেত্ৰলৈ ওলাই গৈছিল সাংবাদিক ৰুবী ফুকন নামৰ মহিলা সাংবাদিকগৰাকী । কিন্তু সন্ধিয়া উভতি আহি ঘৰটোৰ তলা খোলা থকাৰ লগতে সামগ্ৰীবোৰ খেলিমেলি হৈ থকা প্ৰত্যক্ষ কৰে ।

এই ঘটনাৰ পাচতে হাতীগাঁও আৰক্ষী থানাৰ কাষ চাপে ভুক্তভোগী সাংবাদিকগৰাকী । লগে লগে ঘটনাস্থলীত হাটীগাঁও আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈ আৰম্ভ কৰে তদন্ত । উল্লেখ্য যে মহানগৰীত প্ৰতিদিনে সংঘটিত হৈ আছে চুৰি ডকাইতৰ ঘটনা । পুনৰ সংঘটিত হোৱা এই ঘটনাই প্ৰমাণ কৰিলে স্মাৰ্ট আৰক্ষীৰ নিষ্ক্ৰিয়তাক । 

লগতে পঢ়ক: চুৰি সামগ্ৰীসহ চাৰিটাকৈ চোৰ আৰক্ষীৰ জালত

নলবাৰীত দুই বাইক চোৰ গ্ৰেপ্তাৰ

জনীয়াত দিন দুপৰতে চুৰিকাণ্ড

হোজাইত বিষ্ণু মন্দিৰত চুৰিকাণ্ড

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.