লখিমপুৰ : লখিমপুৰত আজি বাণীকান্ত কাকতি বঁটা, আনন্দৰাম বৰুৱা বঁটা আৰু বিনামূলীয়া চাইকেল বিতৰণ কৰা হয় । বাণীকান্ত কাকতি বঁটাৰ অধীনত জিলাখনৰ ১৯৮৫ গৰাকী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উতীৰ্ণ ছাত্র-ছাত্রীক স্কুটী, আনন্দৰাম বৰুৱা বঁটাৰ অধীনত জিলাখনৰ ১ হেজাৰ ৭৯ গৰাকী মেট্ৰিক উত্তীৰ্ণ ছাত্র-ছাত্রীক লেপটপ ক্ৰয়ৰ বাবে ১২,৫০০ টকা প্ৰদান কৰা হয় ।
তদুপৰি জিলাখনৰ নৱম শ্ৰেণীৰ ১৪ হেজাৰ ৮২৫ জন ছাত্র-ছাত্রীক চাইকেল প্ৰদান কৰা হয় । লখিমপুৰ নগৰৰ সমীপৰ চুকুলীভৰীয়াত আয়োজন কৰা এই বঁটা বিতৰণি অনুষ্ঠানত মন্ত্রী ৰূপেশ গোৱালাই লগতে চাইকেলো বিতৰণ কৰে ।
ইয়াৰ পিচতেই মন্ত্রী ৰূপেশ গোৱালাই লখিমপুৰ আৰু দৰঙৰ জিলা কাৰাগাৰ স্থানান্তৰ হ'ব বুলি মন্তব্য় কৰি কয়," জিলা সদৰত থকা এই কাৰাগাৰ দুখন নগৰৰ মাজমজিয়াৰ পৰা নগৰৰ সমীপৱৰ্তী স্থানত স্থাপন কৰা হ'ব ।" শ্ৰমিক কল্যাণ চাহ জনজাতি আৰু আদিবাসী কল্যাণ, গৃহ বিভাগ (কাৰাগাৰ,গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা)ৰ মন্ত্রী ৰূপেশ গোৱালাই নতুনকৈ মন্ত্রিত্ব লাভ কৰাৰ পাছত তেওঁ বিশেষকৈ জিলা কাৰাগাৰসমূহত 'ছাডেন ভিজিট' দিয়া বুলি কয় ।
জিলা কাৰাগাৰসমূহ পৰিদৰ্শন কৰি তেওঁ কাৰাবন্দীসকলৰ অৱস্থা, কাৰাগাৰৰ পৰিবেশ আদি বুজ লৈ কাৰাগাৰৰ বিষয়াবৰ্গৰে পৰ্যালোচনা কৰা বুলি উল্লেখ কৰি মন্ত্রী ৰূপেশ গোৱালাই কয়, এই বিষয়ে মুখ্যমন্ত্রীৰ লগত আলোচনা কৰি জিলা কাৰাগাৰসমূহৰ সমস্যা দূৰ কৰা হ'ব ।" বাগিচাসমূহত শ্ৰম আইন সঠিক ভাৱে প্ৰয়োগ হৈছে নে নাই সেই দিশটোও তেওঁ পৰ্যবেক্ষণ কৰা বুলি কয় ।
এই বঁটা প্ৰদান অনুষ্ঠানত মন্ত্রী ৰূপেশ গোৱালাৰ লগতে বিধায়ক মানৱ ডেকা, নৱ কুমাৰ দলে, অমিয় কুমাৰ ভূঞা আদিয়ে অংশগ্রহণ কৰে । অনুষ্ঠানটোত আদৰণি ভাষণ দিয়ে লখিমপুৰ জিলাৰ আয়ুক্ত প্ৰণৱ জিৎ কাকতিয়ে ।