thumbnail

জনীয়াত দিন দুপৰতে চুৰিকাণ্ড

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 7:41 AM IST

জনীয়া,২৯ ফেব্ৰুৱাৰী: বৰপেটা জিলাত ক্ৰমাৎ বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা । এইবাৰ দিন দুপৰতে ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলালে চাফাই অভিযান । বৰপেটা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ছাপৰা গাঁৱৰ হফিজীয়া মাদ্ৰাছাৰ নিচেই কাষতে থকা আইনাল হক চৌধুৰীৰ বাসগৃহত বুধবাৰে দিনৰ ভাগতে সংঘটিত হয় এই চুৰিকাণ্ড । ঘৰত কোনো নথকাৰ সুযোগতে চোৰে লুটি নিয়ে নগদ ধন, সোণ-ৰূপৰ অলংকাৰসহ প্ৰায় ৫ লক্ষাধিক টকাৰ সা-সামগ্ৰী ।

জানিব পৰা মতে দিনৰ প্ৰায় ২ বজাত আয়নাল হক চৌধুৰীয়ে নিজৰ কামৰ বাবে বৰপেটালৈ আৰু আয়নাল হকৰ পত্নী নাজমা খাতুনে ঘৰত তলা মাৰি কলগাছিয়াস্থিত ৰূপসী শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়লৈ যোৱাৰ সময়তে চোৰে ঘৰৰ মূল প্ৰবেশদ্বাৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি তিনিটাকৈ আলমিৰা ভাঙি সোণ-ৰূপৰ আ-অলংকাৰৰ লগতে চৰকাৰী টেবলেট আৰু নগদ ধন ২০ হাজাৰ টকা লুট কৰে ।

বিয়লি প্ৰায় ৪ বজাৰ পিছত আয়নাল হকৰ পত্নী বাসগৃহত উপস্থিত হৈ ঘৰৰ দুৱাৰৰ ভাঙি থোৱা তলা প্ৰত্যক্ষ কৰি কান্দোনত ভাঙি পৰে । বৃহত্তৰ অঞ্চলটোত ড্ৰাগছ, মদ, ভাং, জুৱা আৰু অনৈতিক কাৰ্যকলাপ আদি অত্যাধিক পৰিমাণে বৃদ্ধি পোৱাৰ বাবে এনেদৰে সঘনাই চুৰিকাণ্ড সংগঠিত হৈ আহিছে বুলি সন্দেহ প্ৰকাশ কৰে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: দীৰ্ধদিন ধৰি ত্ৰাস চলাই থকা দুই গভাইত চোৰক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.