প্ৰেমৰ ভয়ংকৰ পৰিণতি : প্ৰেমিকে প্ৰাণ ল'লে প্ৰেমিকাৰ - Murder in Bilashipara

By ETV Bharat Assamese Team

Published : Jul 24, 2024, 10:30 PM IST

thumbnail
প্ৰেমৰ ভয়ংকৰ পৰিণতি (ETV Bharat Assam)

বিলাসীপাৰা,২৪ জুলাই: বিলাসীপাৰাত সংঘটিত এক চাঞ্চল্যকৰ হত্যাকাণ্ড । সৰ্বস্ব উজাৰি পবিত্ৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলা প্ৰেমিকৰ হাতত প্ৰাণ গল এগৰাকী যুৱতীৰ । এই ঘটনা সংঘটিত হৈছে বিলাসীপাৰা থানাৰ ছুৱাপাতা চতুৰ্থ খণ্ড গাঁৱত । গাঁওখনৰ কলেজীয়া ছাত্ৰী বেহুলা খাতুনৰ একে গাঁৱৰে ফজৰ আলীৰ লগত দীৰ্ঘদিনৰে ধৰি প্ৰেমৰ সম্পৰ্ক আছিল । এই সম্পৰ্কক চিৰস্থায়ী কৰিবলৈ মঙলবাৰে নিশা যুৱতীগৰাকীয়ে প্ৰেমিক ফজৰ আলীৰ ঘৰত উপস্থিত হয় । যুৱতীগৰাকীৰ এনে কাৰ্যত জাঙুৰ খাই উঠে প্ৰেমিক ফজৰ আলী ।  

বুধবাৰে প্ৰেমিক ফজৰ আলীয়ে পৰিকল্পিতভাৱে যুৱতীগৰাকীক নিৰ্মমভাৱে হত্যা কৰে । প্ৰেমিকাক হত্যা কৰি ভণ্ড প্ৰেমিক ফজৰ আলীৰ চাঞ্চল্যকৰ স্বীকাৰক্তি,"তাইক মই বিয়া পাতিব বিচাৰিছিলো । কিন্তু তাই আহি মোৰ গৃহত আহি উপস্থিত হৈছে । সেয়ে তাইক একেবাৰে মাৰি পেলালো ।" এই খবৰ লাভ কৰি ঘটনাস্থলীত বিলাসীপাৰা আৰক্ষীৰ দল উপস্থিত হৈ প্ৰেমিক ফজৰ আলীক আটক কৰি তদন্ত অব্যাহত আৰম্ভ কৰে । 

লগতে পঢ়ক: ছাগলী চোৰৰ সন্দেহত দাৰে ঘপিয়াই হত্যা‌ যুৱকক - Naharkatia Murder Case

অশোক গোৱেলৰ হত্যাকাণ্ড : হত্যাকাৰী বিমল ৰাভা আৰু ৰুস্তম ৰাভাক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ - Businessman murder in Goalpara

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.