মাজুলীত উপায়ন্তৰ হৈ খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি নদীত দিলে ভোগ - EROSION IN MAJULI

By ETV Bharat Assamese Team

Published : Aug 12, 2024, 5:29 PM IST

thumbnail
মাজুলীত উপায়ন্তৰ হৈ খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি নদীত দিলে ভোগ (ETV Bharat Assam)

মাজুলী, ১২ আগষ্ট: মাজুলীৰ বিভিন্ন স্থানত আজিও ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া অব্যাহত আছে । নামনি মাজুলীৰ ভালুকমৰা, কৰ্দৈগুৰি, কাৰ্গিল, বিৰিণাবাৰী গাঁৱকে ধৰি কুৰিখন গাঁৱৰ ৰাইজ ওলাই আহি নদীৰ কাষত আঠু লৈ পূজা-অৰ্চনা কৰি ব্ৰহ্মপুত্ৰৰ খহনীয়া হোৱা অঞ্চলত ভোগ দিয়ে । খহনীয়াই তীব্ৰ ভাবুকি অনা অঞ্চলবাসীয়ে বিগত সময়ত নদীত গছৰ ডাল-পাত দি খহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰিছিল যদিও সেই কামত সফল নহৈ শেষত অঞ্চলটোৰ সমূহ ৰাইজ মিলি মন্ত্ৰোচ্চাৰণ কৰি নদীক পূজা কৰে ।

আনহাতে সেই নদীত পঞ্চমুখী সাপ দেখাৰ কথা ব্যক্ত কৰে বহুজনে । ফলত ভয়-ভ্ৰান্তিত কোনো লোকৰ যাতে অনিষ্ট সাধন নহয় তাৰবাবেও ব্ৰহ্মপুত্ৰৰ পাৰত সেৱা লয় অঞ্চলবাসীয়ে । 

উল্লেখ্য যে, ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ লগে লগে কালৰূপ ধাৰণ কৰা ব্ৰহ্মপুত্ৰৰ পৰা ফাটি অহা নৈৰ এই সুঁতিয়ে মাজুলীক দুভাগত বিভক্ত কৰাৰ সংকেত আহি পৰিছে । যদিহে চৰকাৰে এই নৈ খহনীয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা হাতত নলয় তেন্তে মাজুলীৰ এই বৃহত্তৰ নামনি অংশটো ব্ৰহ্মপুত্ৰৰ বুকুত যে হেৰাই যাব, সেয়া নিশ্চিত ।

লগতে পঢ়ক: ব্ৰহ্মপুত্ৰৰ সুঁতিয়ে নামনি মাজুলীৰ ২০খন গাঁৱলৈ কঢ়িয়াই আনিছে ভাবুকি, গছৰ ডালেৰে প্ৰতিৰোধৰ চেষ্টা - EROSION IN MAJULI

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.