বিধিৰ বিপাক, ধনৰ অভাৱত ঘৰলৈ আনিব নোৱাৰিলে মৃতদেহ - Death after falling off train

By ETV Bharat Assamese Team

Published : Apr 27, 2024, 6:20 PM IST

thumbnail

গোলাঘাট,২৭ এপ্ৰিল: গোলাঘাট জিলাৰ বোকাখাত বিধানসভা সমষ্টিৰ ৰঙামাটি মৌজাৰ অন্তৰ্গত ২ নং ভকত চাপৰি গাঁৱৰ কিৰণ মিলি নামৰ এজন লোকৰ ৰহস্যজনকভাৱে চলন্ত ৰে'লৰ পৰা পৰি বহিঃৰাজ্যত মৃত্যু হোৱা ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত । স্বামীৰ অকল মৃত্যুত দিক-বিদিক হেৰুৱাইছে পত্নীয়ে । ৯ বছৰীয়া একমাত্ৰ কন্যাই পিতৃক বিচাৰি খাইছে হাবাথুৰি খাইছে ।  

জানিব পৰা মতে ১৮ এপ্ৰিলত কিৰণ মিলিয়ে একেখন গাঁৱৰে পাঁচজন লোকৰ সৈতে হায়দৰাবাদলৈ কোম্পানীত কামৰ কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল । ৰে'লত গৈ থকা অৱস্থাত নালগোণ্ডা নামৰ ঠাইত ২১ এপ্ৰিলত পুৱতি নিশা হঠাৎ কিৰণ মিলি ৰে'লৰ পৰা পৰি যায় । লগত যোৱা লোকসকলে জৰুৰীকালীন চেইন টানি ৰে'ল ৰখায় আৰু কিৰণ মিলিক বিচাৰি উভতি গৈ প্ৰায় তিনি ঘণ্টা সময় ধৰি বিচৰাৰ পাচত মৃত অৱস্থাত উদ্ধাৰ কৰে কিৰণক ।  

পিছে টকাৰ অভাৱত কিৰণৰ মৃতদেহ স্বগৃহলৈ আনিব নোৱাৰিলে । স্বামীৰ মুখখন শেষবাৰলৈও চাবলৈ নোপোৱা দুৰ্ভগীয়া পত্নীয়ে ৯ বছৰীয়া একমাত্ৰ কন্যা সন্তানটিক সাবটি এটি জুপুৰিসদৃশ গৃহত এতিয়া নীৰৱে উচুপিছে । আজিকোপতি চৰকাৰী আবাসগৃহ, ৰেচন কাৰ্ড, অৰুণোদয় আদি কোনো আঁচনিয়ে ঢুকি নোপোৱা পৰিয়ালটিৰ ভৱিষ্যতৰ বাবে চৰকাৰক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে স্থানীয় ৰাইজ তথা দল-সংগঠনে । 

লগতে পঢ়ক: শোকত ভাঙি পৰিছে শ্বহীদ নাছিৰ উদ্দিন সৰকাৰৰ পত্নী-সন্তান - CRPF Jawan Nasir Uddin Sarkar

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.