পত্নীৰ সন্মুখতেই নাও ডুবি নাৱৰীয়াৰ মৃত্যু - Boat Accident

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 8:15 PM IST

thumbnail
পত্নীৰ সন্মুখতেই নাও ডুবি নাৱৰীয়াৰ মৃত্যু (ETV Bharat Assam)

তিনিচুকীয়া, ২ জুলাই : বানৰ তাণ্ডৱৰ মাজতে তিনিচুকীয়া জিলাৰ ছৈখোৱাত শোকাৱহ নাও দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত এগৰাকী নাৱৰীয়াৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে ৷ তথ্য অনুসৰি, সাংবাদিকৰ এটা দলক বান পৰিস্থিতি পৰিদৰ্শন কৰাই উভতি যোৱাৰ সময়তে বাঢ়নি পানীত নাও দুৰ্ঘটনাটো সংঘটিত হয় ৷ ফলত মৃত্যুক সাৱটি ল’বলগীয়া হয় নাৱৰীয়াগৰাকীয়ে ৷

মৃত নাৱৰীয়াজন ডুমডুমা ৰাজহ চক্ৰৰ অন্তৰ্গত ছৈখোৱাৰ ন-বৰমূৰা গাঁও পঞ্চায়তৰ ৩ নং ন-বৰমূৰা গাঁৱৰ চিলবানুস তিৰ্কী (৩৫) বুলি জানিব পৰা গৈছে ৷ ৩ নং ন-বৰমূৰাৰ নিজ ঘৰলৈ উভতি যাওঁতে এই দুৰ্ঘটনা সংঘটিত হয় ৷ মৃত চিলবানুসৰ পত্নীয়ে চকুৰ আগত এই দৃশ্য দেখা পায় আৰু চিঞৰি দিয়াত কেবাজনো যুৱক আহি পানীত উদ্ধাৰ অভিযান চলাই মৃতদেহটো উদ্ধাৰ কৰে ৷

লগতে পঢ়ক: বানৰ কবলত গাঁও-নগৰ : জীৱ-জন্তুৰ মাজতো হাহাকাৰ পৰিস্থিতি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.