মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন - MAJULI BOAT ACCIDENT

By ETV Bharat Assamese Team

Published : Jun 9, 2024, 1:00 PM IST

thumbnail
মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন (ETV Bharat Assam)

মাজুলী, ৯ জুন : নামনি মাজুলীৰ কৰ্দৈগুৰি ব্ৰহ্মপুত্ৰ সুঁতিত সংঘটিত হয় ভয়ংকৰ নাও দুৰ্ঘটনা । ব্ৰহ্মপুত্ৰ সুঁতিৰে গৰু পাৰ কৰিবলৈ যাওঁতে এই ঘটনা সংঘটিত হয় বুলি জানিবলৈ পোৱা গৈছে । তিনিজন ব্যক্তিয়ে নাওখনেৰে গৰু সৰবৰাহ কৰাৰ চেষ্টা চলাইছিল । ইয়াৰে দুজনক জীৱন্তে উদ্ধাৰ কৰাৰ বিপৰীতে বাতৰি সংগ্রহ কৰা সময়লৈকে আন এজন সন্ধানহীন হৈ আছে ।

সন্ধানহীন হৈ থকা ব্যক্তিজন ৪৩ বছৰীয়া উৎপল শইকীয়া বুলি জানিব পৰা গৈছে । সন্ধানহীন ব্যক্তিজনৰ ঘৰ ভালুকমৰাত । সন্ধানহীন উৎপল শইকীয়াক উদ্ধাৰৰ বাবে ইতিমধ্যে মাজুলী SDRF বাহিনীয়ে চেষ্টা চলাই আছে যদিও বাতৰি সংগ্রহ কৰা সময়লৈকে লোকজনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই । ঘটনাক কেন্দ্ৰ কৰি বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্য ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.