thumbnail

By ETV Bharat Assamese Team

Published : Sep 12, 2024, 3:52 PM IST

ETV Bharat / Videos

কৰিমগঞ্জত উদ্ধাৰ যুৱকৰ ৰক্তাক্ত মৃতদেহ : হত্যাকাণ্ডৰ সন্দেহ - Suspected murder in Karimganj

কৰিমগঞ্জ, ১২ ছেপ্টেম্বৰ : কৰিমগঞ্জ চহৰ সংলগ্ন পোয়ামাৰা এলেকাৰ মেদামাইলত উদ্ধাৰ এগৰাকী যুৱকৰ ৰক্তাক্ত মৃতদেহ । মেদামাইল এলেকাত থকা এটা পৰিত্যক্ত চাউলৰ গুদামৰ চৌহদত প্ৰত্যক্ষ হয় মৃতদেহটো । উদ্ধাৰ হোৱা মৃতদেহটোৰ পৰিচয় এতিয়াও অজ্ঞাত ।

লুঙী আৰু টী-ছাৰ্ট পৰিহিত মৃতদেহটোৰ শৰীৰৰ বিভিন্ন অংশত আঘাতৰ চিন স্পষ্ট । চোকা অস্ত্ৰৰে ডিঙি কাটি যুৱকগৰাকীক হত্যা কৰাৰ সন্দেহ কৰা হৈছে । মৃতদেহৰ আশে-পাশে পৰিলক্ষিত হৈছে কেৱল তেজ ৷ বৃহস্পতিবাৰে পুৱাৰ ভাগত স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষী থানাত ।

খবৰ পাই আৰক্ষীৰ সৈতে ঘটনাস্থলীত উপস্থিত হয় কৰিমগঞ্জৰ উপ-আৰক্ষী অধীক্ষক নাৰায়ণ বড়ো । আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে এডাল ৰড । ধাৰণা কৰা হৈছে যে নিশাৰ ভাগত দুৰ্বৃত্তই হত্যা কৰিছিল অচিনাক্ত যুৱকগৰাকীক । আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰি মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে ।

লগতে পঢ়ক : গৰ্ভজাত সন্তানে ল’লে ঘাতকৰ ৰূপ: বৃদ্ধা মাতৃক হত্যা কৰি পুতি থ’লে ঘৰৰ ভিতৰত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.