মাজুলীত আবতৰীয়া দীপাৱলী, বিজেপিৰ বিজয় উৎসৱ - Lok Sabha Election Results 2024

By ETV Bharat Assamese Team

Published : Jun 8, 2024, 2:21 PM IST

thumbnail
মাজুলীত আবতৰীয়া দীপাৱলী, বিজেপিৰ বিজয় উৎসৱ (ETV Bharat Assam)

মাজুলী, ৮ জুন : যোৱা ৪ জুন তাৰিখে ঘোষণা হোৱা লোকসভা নির্বাচনৰ ফলাফলত যোৰহাট লোকসভা সমষ্টিৰ পৰা বিজেপি দলৰ প্ৰাৰ্থী তপন কুমাৰ গগৈক পৰাভূত কৰি সাংসদৰূপে নিৰ্বাচিত হ'ল কংগ্রেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈ । প্রায় ডেৰ লাখ ভোটত জয়ী হয় কংগ্রেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈ ।

এই নিৰ্বাচনী ফলাফলত যোৰহাট লোকসভা সমষ্টিত কেৱল মাজুলী বিধানসভা সমষ্টিত প্ৰায় ছয় হাজাৰ ভোটত জয় লাভ কৰিবলৈ সক্ষম হৈছিল বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ । যাৰ ফলশ্রুতিত শুকুৰবাৰে জিলা বিজেপিৰ কাৰ্যালয়ত মাজুলী জিলা বিজেপিয়ে পালন কৰে বিজয় উৎসৱ ।

বিধায়ক ভুৱন গামৰ নেতৃত্বত পালন কৰে এই বিজয় উৎসৱ । এই অনুষ্ঠানত অংশগ্ৰহণ কৰে জিলা বিজেপিৰ লোকসকলে । মাজুলীৰ ৰাইজে বিজেপি দলক দিয়া মৰমৰ বাবে বিধায়কগৰাকীৰ লগতে মাজুলী জিলা বিজেপিৰ সভাপতিগৰাকীয়েও ধন্যবাদ ৰাইজক জনায় ।

লগতে পঢ়ক: তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী ৰূপত শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে; নলবাৰীত আনন্দ উৎসৱ - Narendra Modi To Take Oath As PM For 3rd Time

দত্তৰ জয় : বিশ্বনাথত বিজেপিৰ বিজয় উৎসৱ - Lok Sabha Election Results 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.