বিৰোধীৰ ইচ্ছ্যুক প্ৰাৰ্থীয়ে নাই : পৱিত্ৰ মাৰ্ঘেৰিটা - lok sabha elections - LOK SABHA ELECTIONS
🎬 Watch Now: Feature Video


Published : Mar 21, 2024, 7:48 PM IST
লখিমপুৰ, 21 মাৰ্চ : লখিমপুৰ লোকসভাত বিৰোধীয়ে প্ৰাৰ্থী ঘোষণা কৰা নাই এতিয়ালৈকে ৷ তাৰ পৰিৱৰ্তে বিজেপি মিত্ৰজোঁটে চলাইছে ব্যাপক সাংগঠনিক তৎপৰতা । লখিমপুৰত বিৰোধীয়ে এতিয়াও ইচ্ছ্যুক প্ৰাৰ্থী বিচাৰি পোৱা নাই বুলি মন্তব্য কৰে পৱিত্ৰ মাৰ্ঘেৰিটাই ৷ কাৰোবাক যদি জোৰকৈ বিৰোধীয়ে প্ৰক্ষেপ কৰে সেই সন্দৰ্ভত তেওঁ অৱগত নহয় বুলি মন্তব্য কৰে ৷
ধেমাজি সদৰত জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত বৃহস্পতিবাৰে এখনি দলীয় সভা অনুষ্ঠিত হয় ৷ সভাত অংশগ্ৰহণ কৰে প্ৰদান বৰুৱা, ৰাজ্যিক নিৰ্বাচন পৰিচালনা সমিতিৰ আহ্বায়ক পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী ৰণোজ পেগু, বিধায়ক মানৱ ডেকাকে ধৰি ভালেসংখ্যক দলীয় কৰ্মীয়ে ৷ সভাৰ অন্তত পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে এতিয়াও লখিমপুৰত প্ৰাৰ্থী বিচাৰি পোৱা নাই কংগ্ৰেছ দলে ।
বিজেপিয়ে এতিয়া নিজৰ মাজতে প্ৰতিযোগিতাত নামিছে বুলি পবিত্ৰ মাৰ্ঘেৰিটাই উল্লেখ কৰে ৷ তেওঁ কয় যে কোনে কিমান ভাল প্ৰদৰ্শন কৰিব, সৰ্বাধিক ভোট কোনে পাব তাকে লৈ তেওঁলোকৰ মাজত আলোচনা চলি আছে ৷ প্ৰদান বৰুৱাই বিপুল ভোটত জয় লাভ কৰিব বুলি কয় তেওঁ ।