অৰুণাচলত গেৰুৱা বসন পিন্ধিলে প্ৰায় তিনি হাজাৰ লোকে
🎬 Watch Now: Feature Video
Published : Mar 3, 2024, 8:49 AM IST
মৰাণ, ৩ মাৰ্চ : দেশজুৰি লোকসভা নিৰ্বাচনৰ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে । তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰাৰ বাবে তৎপৰ হৈছে শাসকীয় দল বিজেপি । ইয়াৰ সমান্তৰালভাৱে বিৰোধী দলসমূহে আৰম্ভ কৰিছে দলীয় কাম-কাজ । বিৰোধী দলসমূহে ৰাষ্ট্ৰীয় পৰ্যায়ত জোঁট বন্ধন আৰম্ভ কৰি বিজেপিক প্ৰতিৰোধ কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰা সময়ত অৰুণাচল প্ৰদেশৰ বৰদুৰীয়াত শনিবাৰে অনুষ্ঠিত হয় বিজেপি দলৰ এক বিশাল যোগদান কাৰ্যসূচী ।
টিৰাপ জিলাৰ বৰদুৰীয়াত অনুষ্ঠিত এই যোগদান কাৰ্যসূচীত বিজেপি দলৰ নীতি-আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ জিলাখনৰ কংগ্ৰেছ, NPP দলৰ প্ৰায় তিনি হাজাৰ নেতা-কৰ্মীয়ে গেৰুৱা বসন পৰিধান কৰে ।
উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ বৰদুৰীয়াত বিজেপিৰ উদ্যোগত অনুষ্ঠিত যোগদান কাৰ্যসূচীত বৰদুৰীয়া সমষ্টিৰ বিধায়ক ৱাংলিন লোৱাংডঙৰ নেতৃত্বত তথা বিজেপিৰ টিৰাপ জিলাৰ প্ৰভাৰী কে এন টিখক, জিলা বিষয়ববীয়াৰ উপস্থিতিত বৰদুৰীয়া গাঁৱত বিপুল সমাৱেশৰ মাজত এইসকল কৰ্মীয়ে গেৰুৱা দলটোত যোগদান কৰে ।
লগতে পঢ়ক: দৰঙত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ