বিজেপিয়ে কেৱল হিন্দু-মুছলমানৰ ৰাজনীতি কৰে: বৰাকত ক'লে টিএমচিৰ নেত্ৰী সায়োনি ঘোষে - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 23, 2024, 10:20 PM IST

thumbnail

শিলচৰ, ২৩ এপ্ৰিল: শিলচৰত উপস্থিত পশ্চিম বংগৰ যুৱ তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী সায়োনি ঘোষ আৰু পশ্চিম বংগৰ ৰাজ্যসভাৰ সাংসদ তথা বিশিষ্ট সংবাদিক সাগৰিকা ঘোষ । পুৱা কলকাতাৰ পৰা বিমানযোগে শিলচৰ বিমানবন্দৰত উপস্থিত হয় তৃণমূল কংগ্ৰেছৰ দুয়োগৰাকী নেত্ৰী । শিলচৰ চহৰত উপস্থিত হৈ শিলচৰ লোকসভা সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসৰ হৈ তিনিখন নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে তেওঁলোকে ।  

শিলচৰ লোকসভা সমষ্টিৰ অন্তৰ্গত সোনাই স্বাধীন বাজাৰ, ধলাই আৰু শিলচৰ চহৰত তিনিখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে সায়োনি ঘোষ আৰু সাগৰিকা ঘোষে । সভাত অংশগ্ৰহণ কৰি বিজেপিক তীব্ৰভাৱে সমালোচনা কৰে সায়োনি ঘোষে । তেওঁ কয় যে, বিজেপি চৰকাৰক লৈ ৰাইজ বহুত চিন্তাত আছে । মমতা বেনাৰ্জীৰ শিলচৰত সভা দেখি বিজেপিয়ে ভয় খাইছে । তাৰ বাবে শিলচৰত অমিত শ্বাহ আহিছে ৰোড শ্ব' কৰিবলৈ ।  

লগতে বিজেপি চৰকাৰক তীব্ৰভাবে সমালোচনা কৰে তৃণমূল নেত্ৰী সায়োনি ঘোষে কয় যে প্ৰতিবাদ কৰিলেই সকলোকে বিভিন্ন ধৰণে ভয় খুৱাই নৰেন্দ্ৰ মোদীয়ে । উন্নয়নৰ কথা কোৱাৰ পৰিৱৰ্তে হিন্দু-মুছলমান, ধৰ্ম, শ্মশান-কবৰস্থান এইবোৰ বিষয়ৰ ৰাজনীতি কৰিছে বিজেপিয়ে । বৰাকত উন্নয়নৰ কোনো ছাঁ পৰা নাই বুলিও সায়োনিয়ে অসমৰ বিজেপি চৰকাৰক সমালোচনা কৰে ।

ইপিনে,পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ তথা বিশিষ্ট সংবাদিক সাগৰিকা ঘোষে কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ বাবে একো কৰা নাই । অসমত হিন্দু - মুছলমান ৰাজনীতি কৰি আছে হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক: কোনো ধৰণেই হিন্দু নহয় অসমৰ জনজাতীয় লোকসকল: ৰাজু দেউৰী - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.