৬ জুনত সকলো প্ৰশ্নৰ উত্তৰ ৰাইজে দিব: ভূপেন বৰাক কটাক্ষ তপন কুমাৰ গগৈৰ - Lok Sabha elections 2024 - LOK SABHA ELECTIONS 2024
🎬 Watch Now: Feature Video


Published : Apr 12, 2024, 6:36 PM IST
টীয়ক, ১২ এপ্ৰিল: আজি ৰঙালী বিহুৰ উৰুকা । উৰুকাৰ ব্যস্ততাৰ মাজতে উজনি অসমত চলিছে নিৰ্বাচনৰ গৰম বতাহ । বিহুৰ প্ৰস্তুতিৰ সমান্তৰালকৈ ৰাজনৈতিক দলৰ কৰ্মীসকল ব্যস্ত নিৰ্বাচনী প্ৰচাৰত । আজি পুৰণা টীয়ক তথা নৱগঠিত মৰিয়নী সমষ্টিৰ কেইবাটাও স্থানত বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে । তেওঁ প্ৰচাৰ সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ২৬ৰ বিধানসভা নিৰ্বাচনৰ টিকট ছেপ্টেম্বৰ-অক্টোবৰত ঘোষণা কৰিব বুলি কৰা মন্তব্য়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই কথাটো হাস্যকৰ বুলি মন্তব্য় কৰে । প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে কয়," অহা ৬ জুনত সকলো প্ৰশ্নৰ উত্তৰ ৰাইজে দিব ।"
পুৱা উত্তৰদুলীয়া ৰংগমঞ্চত আৰম্ভ কৰি পশ্চিম টীয়ক গাঁও পঞ্চায়ত,পূব টীয়ক গাঁও পঞ্চায়ত,মধ্য টীয়ক,সোনাৰী মিচিং গাঁও,মৰিজাঁজী,চিন্তামণিগড়,ভগামুখকে ধৰি কেইবাটাও অঞ্চলত উপস্থিত হৈ বিজেপিৰ উন্নয়ন তথা বিকাশৰ জয়গান সোঁৱৰি এই উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ ৰাইজক বিজেপিৰ পক্ষত ভোট দিবলৈ আহ্বান জনায় ।
উক্ত প্ৰচাৰ কাৰ্যসূচীত মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী,অগপৰ কেন্দ্ৰীয় সম্পাদক বিকাশ শইকীয়া, বিজেপি নেতা প্ৰদীপ বৰুৱা,ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকৰ সদস্য অসীম বৰুৱাকে প্ৰমুখ্য কৰি কেইবাগৰাকী মিত্ৰজোঁটৰ নেতা কৰ্মী উপস্থিত থাকে ।
লগতে পঢ়ক:চাবুৱাত সৰ্বানন্দ সোণোৱালে ৭০-৭৫ হাজাৰ ভোট লাভ কৰিব :মুখ্যমন্ত্ৰী - Lok Sabha Elections 2024