ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা প্ৰকৃততে কংগ্ৰেছ ছোড়োহে আছিল : ভৱেশ কলিতা - Lok Sabha election 2024
🎬 Watch Now: Feature Video
Published : Mar 3, 2024, 12:56 PM IST
ৰঙিয়া, 3 মাৰ্চ : ‘‘ৰাহুল গান্ধীৰ যিটো ভাৰত জোড়ো যাত্ৰা আছিল, সেইটো কংগ্ৰেছ ছোড়ো যাত্ৰাহে আছিল । এইটো ন্যায় যাত্ৰা নহয় । তেওঁলোকৰ আটাইৰে অপায় অমংগলহে হ’ল । যাৰ কাৰণে আজি কংগ্ৰেছ দল বিধ্বস্ত হৈছে ।’’ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই ৷
‘‘এতিয়া তাচপাতৰ দৰে খহিছে কংগ্ৰেছ দল । নদীৰ বালিৰ চপৰা খহাৰ দৰে খহিছে কংগ্ৰেছ দল । নেতৃত্বৰ অভাৱ আছে কংগ্ৰেছ দলত । জনগণক মিছা কথা কৈছিল, অত্যাচাৰ কৰিছিল, উৎপীড়ন কৰাইছিল ।" দেওবাৰে ৰঙিয়াত উপস্থিত হৈ কংগ্ৰেছ দল আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে এই বিস্ফোৰক মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷ লগতে কংগ্ৰেছ দলটো অগাধ দুৰ্নীতি ভ্ৰষ্টাচাৰত লিপ্ত আছিল বুলি ক্ষুৰধাৰ সমালোচনা কৰে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে ।
লগতে পঢ়ক: কংগ্ৰেছ ত্যাগ নকৰে প্ৰদ্যুৎ বৰদলৈয়ে: দেৱব্ৰত শইকীয়া