thumbnail

By ETV Bharat Assamese Team

Published : Apr 6, 2024, 2:25 PM IST

ETV Bharat / Videos

বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী বিধি ভংগৰ অভিযোগ; প্ৰতিক্ৰিয়া প্ৰকাশ সভাপতি ভৱেশ কলিতাৰ - SHOW CAUSE NOTICE TO STATE BJP

মৰাণ, 6 এপ্ৰিল: নিৰ্বাচনী বিধি ভংগৰ অভিযোগত বিজেপি দলক কাৰণ দেখুওৱাৰ জাননী সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিজেপি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাই । নিৰ্বাচন আয়োগে প্ৰেৰণ কৰা কাৰণ দৰ্শোৱা জাননীৰ উত্তৰ বিজেপিয়ে দিব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে কলিতাই ৷

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠাৰ মাজতেই বিজেপি দলে ভোটাৰ ৰাইজৰ মাজত ভুৱা অৰুণোদয়ৰ ফৰ্ম বিতৰণ কৰাৰ অভিযোগ উত্থাপন হৈছিল । ইয়াৰ পাচতেই চিপিআই (এম) এ এই সন্দৰ্ভত কাষ চাপিছিল নিৰ্বাচন আয়োগৰ । চিপিআই (এম) এৰ অভিযোগৰ পাছতেই ৰাজ‍্যিক বিজেপিলৈ নিৰ্বাচনী বিধি ভংগৰ অভিযোগৰ কাৰণ দৰ্শোৱা জাননী প্ৰদান কৰিছিল নিৰ্বাচন আয়োগে ।

নিৰ্বাচনী বিধি ভংগৰ অভিযোগত নিৰ্বাচন আয়োগে প্ৰেৰণ কৰা কাৰণ দৰ্শোৱা জাননীৰ উত্তৰ বিজেপিয়ে দিব বুলি সোণাৰিত শনিবাৰে মন্তব্য আগবঢ়াই অভিযোগকাৰী চিপিআই (এম) ৰ বিৰুদ্ধে ক্ষোভ উজাৰে বিজেপি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাই । 

আনহাত, উক্ত কাৰ্যসূচীক ৰাইজৰ মাজৰপৰা বিভিন্ন তথ্য সংগ্ৰহৰ কাৰ্যসূচী বুলিহে মন্তব্য কৰে সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক: ৰাজ্যিক বিজেপিলৈ কাৰণ দৰ্শোৱাৰ জাননী ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ - SHOW CAUSE NOTICE TO STATE BJP

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.