বিৰোধী একত্ৰিত হৈয়ো বিজেপিক ৰোধ কৰিব নোৱাৰে : ভৱেশ কলিতা - By election 2024

By ETV Bharat Assamese Team

Published : Jul 31, 2024, 9:58 PM IST

thumbnail
উপ-নিৰ্বাচন সন্দৰ্ভত প্ৰতিক্ৰিয়া ভৱেশ কলিতাৰ (ETV Bharat Assam)

ৰঙিয়া,৩১ জুলাই: আগন্তুক উপ-নিৰ্বাচন সন্দৰ্ভত বুধবাৰে ৰঙিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই । উপ-নিৰ্বাচৰ বাবে বিজেপিয়ে তৈয়াৰ কৰা ৰণনীতিৰ চমু আভাস দি কলিতাই কয়,"অহা ৪ আগষ্টত বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুস্থিত হ'ব, তাত উপ-নিৰ্বাচন সম্পৰ্কে আলোচনা হ'ব । উপ-নিৰ্বাচনৰ বাবে মিত্ৰ গোষ্ঠী সম্পূৰ্ণ প্ৰস্তুত আছে । ইতিমধ্যে প্ৰতিটো বিধানসভা সমষ্টিত তিনিজনকৈ জ্যেষ্ঠ নেতাক দায়িত্ব দিয়া হৈছে ।"  

লগতে বিৰোধীক সমালোচনা কৰি তেওঁ কয়," বিৰোধী একত্ৰিত হৈয়ো বিজেপিক ৰোধ কৰিব নোৱাৰে । চামগুৰি সমষ্টিৰ বাদে অন্য চাৰিটাকৈ সমষ্টিত বিজেপিৰ জয় নিশ্চিত । চামগুৰি সমষ্টিৰ জনবিন্যাস বিজেপিৰ বাবে অনুকুল । গতিকে আমি চেষ্টা কৰিব লাগিব ।" ইফালে ৰাজেন গোঁহাই সন্দৰ্ভত কৌশলী মন্তব্য আগবঢ়াই ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক: সাধাৰণ লোকৰ বাবে চিন্তা কৰিব পৰা শক্তি চৰকাৰৰ নাইকীয়া হৈছে : ভূপেন বৰা - Charaideo Moidams

নাম সলনি হ’ব আৰু এটা বিমান বন্দৰৰ : কেবিনেটে জনালে অনুমোদন - Assam cabinet

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.